সৰুক্ষেত্ৰীৰ কঁঠালবাৰী-খংৰা পকীপথৰ আধাৰশিলা স্থাপন বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

সৰুক্ষেত্ৰীৰ১কঁঠালবাৰী-খংৰা১পকীপথৰ১আধাৰশিলা১স্থাপন১বিধায়ক১জাকিৰ১হুছেইন১শিকদাৰৰ

চেঙাৰ পৰা সুৰজিৎ পাঠক

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ এটি অন্যতম পথ হৈছে কঁঠালবাৰীৰ পৰা খংৰালৈ যোৱা পথটো । স্বাধীনতাৰ পিছৰে পৰা এই পথটো কোনো বিধায়কে পকীকৰণ কৰাৰ ব্যৱস্থা কৰা নাছিল । দেওবাৰে এই পথটো পকীকৰণৰ লগতে পথটোত থকা এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।

সৰুক্ষেত্ৰীৰ১কঁঠালবাৰী-খংৰা১পকীপথৰ১আধাৰশিলা১স্থাপন১বিধায়ক১জাকিৰ১হুছেইন১শিকদাৰৰ

এই উপলক্ষে ১৭৮৯নং কঁঠালভুৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত এখন সভা অনুষ্ঠিত হয় । সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি শান্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সভাখনত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে মাজদিয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত দুই প্ৰধান শিক্ষক ক্ৰমে ফকৰউদ্দিন আলী আহমেদ আৰু ছাহেদ আলী, কুকাৰপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক আলম আলী,

মাজদিয়া হাইস্কুলৰ সহকাৰী শিক্ষক কামৰুজ জামান, পহুমাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আবুল হুছেইন, সমাজকৰ্মী আব্দুল বাৰেক, শিক্ষক ইউনুছ আলী, ১৬নং দক্ষিণ-পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বাবুল আলী, গৰীয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা ছাহনুৰ আলী,

গড়কাপ্টানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জাকিৰ হুছেইন, কনিষ্ঠ অভিযন্তা সত্যন্দ্ৰ নাথ ঠাকুৰীয়া আদিকে কৰি বহুসংখ্যক স্থানীয় ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে পথটোৰ ১.৩৩ কিলোমিটাৰ পথ পকীকৰণৰ লগতে পথটোত মৰা চাউলখোৱা নদীৰ ওপৰত থকা ৪৪ মিটাৰ দৈৰ্ঘ্যৰ কাঠৰ দলংখন পকীকৰণ হ'ব । পথটো নিৰ্মাণৰ বাবে প্ৰায় ২.৪৭ কোটি টকা সংশ্লিষ্ট বিভাগে মঞ্জুৰি দিছে ।

আধাৰশিলাৰ পিছত অনুষ্ঠিত সভাত নিজৰ ভাষণত বিধায়কগৰাকীয়ে সমষ্টিৰ উন্নয়নৰ বাবে সকলো সময়তে দায়বদ্ধ বুলি কয় । নিজৰ ভাষণত বিধায়কগৰাকীয়ে আমৃখোৱা-মাজদিয়া পথ মেৰামতিৰ বাবে প্ৰায় ১ কোটি, ৰাউলি-বৰমাৰা পথ মেৰামতিৰ বাবে প্ৰায় ৭০ লাখ, বৰমাৰাৰ পৰা বাইসালৈ পথ উন্নয়নৰ বাবে প্ৰায় ৮৫ লাখ, আমৃখোৱা-মাজদিয়া পথৰ পৰা গাদেশালীলৈ প্ৰায় ৬৫ লাখ,

গৰেমাৰী বজাৰৰ পৰা চাটা গাঁৱলৈ মেৰামতিৰ বাবে প্ৰায় ২৪ লাখ, খংৰাৰ পৰা ৰৌমাৰী পথাৰলৈ যোৱা পথ মেৰামতিৰ বাবে প্ৰায় ৫০ লাখ টকা মঞ্জুৰি দিয়া বুলি কয় ।

ইয়াৰ লগতে আগন্তুক দিনত টে'ট শিক্ষক-শিক্ষয়িত্ৰীসকলৰ থকাৰ সুবিধাৰ বাবে কুকাৰপাৰত এটা আৱাস গৃহৰ বাবে এম এছ ডি চি আঁচনিৰ জৰিয়তে এটা প্ৰকল্প তৈয়াৰ কৰি অনুমোদনৰ বাবে সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা বুলি বিধায়কগৰাকীয়ে ভাষণত উল্লেখ কৰে ।

Your Comments