পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ মৰিগাঁও অগপ : বৰ্ধিত কাৰ্যনিৰ্বাহকত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ মৰিগাঁও অগপ : বৰ্ধিত কাৰ্যনিৰ্বাহকত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে দিন-বাৰ ঘোষণা কৰাৰ লগে লগে মৰিগাঁও অগপ দলো পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈ পৰিছে ।

আঞ্চলিক দল অগপই নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে আজি মৰিগাঁও নগৰৰ পবিতৰা হাটত এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে । মৰিগাঁও পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি গণক পাটৰৰ সভাপতিত্ব আৰু সম্পাদক ৰবীন মেধিয়ে আঁতধৰা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি এককভাৱে আগন্তক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।

অগপৰ কেন্দ্ৰীয় উপ-সভাপতি দিলীপ বৰা, মৰিগাঁও জিলা অগপৰ পৰ্যবেক্ষক জীৱন চন্দ্ৰ বৰা, কামৰুল হুছেইন, উপদেষ্টা নৰেন্দ্ৰ নাথ কেওতৰ উপস্থিতিত অগপৰ নেতা বীৰেশ্বৰ মেধি, বাণী দাস, শান্তনু শৰ্মা আদিয়ে দলৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি কৰ্মীসকলক পঞ্চায়ত নিৰ্বাচনলৈ সাজু হৈ নিজ নিজ এলেকাত নিষ্ঠাৰে দলৰ সেৱাত ব্ৰতী হ'বলৈ আহ্বান জনায় ।

তদুপৰি, পঞ্চায়ত নিৰ্বাচন প্ৰৰ্থীৰ বাবে যিসকল কৰ্মীয়ে আবেদন কৰিব বিচাৰে সেইসকল দলীয় কৰ্মীক পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰেশ্বৰ বৰা আৰু সম্পাদক জিণ্টু কলিতাৰ হাতত আবেদন দাখিল কৰিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

উল্লেখ্য যে ৰাজ্যৰ শাসকীয় বিজেপি দলৰ মিত্ৰ দল অগপৰ এই নিৰ্বাচনী তৎপৰতাই মৰিগাঁৱত শাসকীয় বিজেপি দলক চিন্তিত কৰি তুলিছে ।

Your Comments