তামুলপুৰত অবৈধ যান-বাহনৰ বিৰুদ্ধে অভিযান : অৰ্ধলক্ষাধিক টকা জৰিমনা সংগ্ৰহ

তামুলপুৰত অবৈধ যান-বাহনৰ বিৰুদ্ধে অভিযান : অৰ্ধলক্ষাধিক টকা জৰিমনা সংগ্ৰহ

ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী পথটো সম্প্ৰতি 'কিলাৰ হাইৱে'ত পৰিণত হৈছে । বিগত তিনিদিনত তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুছিত আৰু উলুবাৰী পাৰ্বতী চ'কত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত চাৰিজনকৈ লোক নিহত হোৱাৰ পিছত আজি পুৱাৰে পৰা তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত, গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়ো, বাক্সা জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শক ৰঞ্জিত কুমাৰ দাস আৰু তামুলপুৰ অসামৰিক প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসৰ সহযোগত ৰঙিয়া-তামুলপুৰ-ভূটান পথত যান-বাহনৰ বিৰুদ্ধে অভিযান চলোৱা হয় ।

তামুলপুৰত অবৈধ যান-বাহনৰ বিৰুদ্ধে অভিযান : অৰ্ধলক্ষাধিক টকা জৰিমনা সংগ্ৰহ

তামুলপুৰৰ গোৰেশ্বৰ চ'ক, তামুলপুৰ বাণিজ্য মহাবিদ্যালয়, দ্বাৰকুছিকে ধৰি তামুলপুৰৰ বিভিন্ন ঠাইত অভিযানকাৰীৰ বৃহৎ দলটোৱে অভিযান চলায় ।

দলটোৱে দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া ট্ৰাক, ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ বিৰুদ্ধে অভিযান চলাই বাহনসমূহৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰে । প্ৰকৃত আৰু উপযুক্ত নথি-পত্ৰ নথকা যান-বাহন, অতিৰিক্ত বোজাই কঢ়িওৱা বাহন আদিৰ বিৰুদ্ধে চলা অভিযানত অভিযানকাৰীৰ দলটোৱে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰি পথৰ আইন অমান্য কৰা বাহনসমূহৰ পৰা আজিৰ দিনটোত অৰ্ধলক্ষাধিক টকাৰ জৰিমনা সংগ্ৰহ কৰিছে ।

তামুলপুৰত অবৈধ যান-বাহনৰ বিৰুদ্ধে অভিযান : অৰ্ধলক্ষাধিক টকা জৰিমনা সংগ্ৰহ

আজি নিশাৰ ভাগলৈকে চলা এই অভিযানত বহু যান-বাহনৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত কেইবাখনো বিভিন্ন শ্ৰেণীৰ বাহনৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন কৰা হৈছে বুলি তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী পৰিদৰ্শক অসীম বৰাই সংবাদ মাধ্যমক জানিবলৈ দিছে ।

পথচাৰীৰ সুৰক্ষাৰ বাবে ১২৭ নং (ডি) ৰঙিয়া-তামুলপুৰ-ভূটান পথত নথি-পত্ৰবিহীন যান-বাহন আৰু অতিৰিক্ত বোজাই কঢ়িয়াই অনা যান-বাহনৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে অভিযান অব্যাহত থাকিব বুলিও আৰক্ষী পৰিদৰ্শক অসীম বৰাই জানিবলৈ দিছে ।

ইপিনে তামুলপুৰ আৰক্ষী থানাৰ পৰিদৰ্শকগৰাকীৰ এনে পদক্ষেপক সৰ্বসাধাৰণ ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ উপৰি সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা নোহোৱা কৰা উদণ্ড গাড়ীচালকসকলক নিয়ন্ত্ৰণ কৰাৰ বাবেও ৰাইজে আৰক্ষী বিষয়াগৰাকীক কঠোৰ নীতি গ্ৰহণ কৰিবলৈও অনুৰোধ জনাইছে ।

Your Comments