ৰূপহীত নিয়োগ মেলা

ৰূপহীত নিয়োগ মেলা

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা

যি সময়ত ৰাজ্যৰ শিক্ষিত নিৱনুৱাসকলে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাই ফুৰিছে সেই সময়ত ৰূপহীত আদৰ্শ সমাজ কল্যাণ সমিতি আৰু দ্য ছ'চিয়েল ফাউণ্ডেচনে নিয়োগ মেলা পাতি শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকললৈ আশাৰ বতৰা কঢ়িযাই আনিছে ৷

ৰূপহীত নিয়োগ মেলা

উল্লেখ্য যে নিয়োগ সৃষ্টিৰ অৰ্থে চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰি দক্ষতা বৃদ্ধি আৰু ব্যাপক হাৰত নিয়োগৰ লক্ষ্যৰে আৰম্ভ কৰা অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হয় উক্ত মেলা ৷

ৰূপহীত নিয়োগ মেলা

নিৱনুৱা সমস্যা হ্ৰাস কৰি অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ ধাৰা ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আঁচনিৰ অধীনত আদৰ্শ সমাজ কল্যাণ সমিতিৰ সম্পাদক নাজিৰ হুছেইন আৰু দ্য ছ'চিয়েল ফাউণ্ডেচনৰ সম্পাদিকা আছফিয়া চুলতানা সৰকাৰৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে ৰূপহীত নিয়োগ মেলাৰ আয়োজন কৰাত নিবনুৱাসকল উৎসাহিত হৈ পৰা দেখা যায় ৷

ৰূপহীত নিয়োগ মেলা

নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা ৮ শতাধিক শিক্ষিত নিবনুৱাই অংশগ্ৰহণ কৰা নিয়োগ মেলাৰ মুকলি সভাত স্কীল ডেভেলপমেণঅটৰ অসম ৰাজ্যিক প্ৰকল্প সঞ্চালক অনুজা গুপ্তাই গোটেই অসমত ইয়াৰ ৩৭৬টা কেন্দ্ৰৰ জৰিয়তে নিয়োগ সৃষ্টিৰ প্ৰয়াস কৰি থকা হৈছে বুলি উল্লেখ কৰে ৷

ৰূপহীত নিয়োগ মেলা

প্ৰথমবাৰৰ বাবে ৰূপহীত আয়োজিত উক্ত নিয়োগ মেলাত গুৱাহাটীৰ পৰা অহা ১২গৰাকীকৈ নিয়োগ বিষয়াই ৰিলাইয়েবল ফাৰ্ষ্ট, ইউৰেকা ফ'ৰ্বছ, কুচ্চিনা, ৰিলায়েন্স নিপন, জিৰ' টু স্পা, ফ্লাই নগাঁও আৰু আই এফ এল গ'ল্ড লোন আদি ১২টা বিভিন্ন ক্ষেত্ৰত নিয়োগৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰে ৷

ৰূপহীত নিয়োগ মেলা

বন্তি প্ৰজ্বলেনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৱে নগাঁৱৰ শিক্ষিত নিবনুৱাসকলৰ বাবে আশাৰ সঞ্চাৰ কৰিব বুলি উদ্যোক্তাসকলে আশা কৰিছে ৷

Your Comments