নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
ভাৰতবৰ্ষত বৰ্তমান ধৰ্ষণ, নিৰ্যাতন আদিৰ দৰে নাৰী নিৰ্যাতনৰ ঘটনাসমূহ বৃদ্ধি পাই থকা পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখি বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গোটেই দেশজুৰি 'মিছন সাহসী' শীৰ্ষক এক আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে ।
এই 'মিছন সাহসী'ৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বটদ্ৰৱা শাখাই ২৬ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱা শংকৰদেৱৰ শিশু বিদ্যা নিকেতনত এক প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে ।
বটদ্ৰৱা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ অৰ্ধশতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে ।
'মিছন সাহসী'ৰ বটদ্ৰৱাৰ সমন্বয়ক চন্দ্ৰামিকা কলিতাই আঁতধৰা শুভাৰম্ভণি অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, নগাঁও জিলাৰ সাংগঠনিক সম্পাদক প্ৰলয় কুমাৰ বড়ো, ৰাষ্ট্ৰীয় কলামঞ্চৰ ৰাজ্যিক সহঃ প্ৰমুখ ভাস্কৰ কলিতা, প্ৰশিক্ষক নৱজ্যোতি বৰদলৈ, প্ৰণৱ বৰা, দীপজ্যোতি কলিতা, দেৱজিৎ দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ।
- Log in to post comments
- 10 views