বাক্সা জিলাৰ তামুলপুৰত লক্ষ্মীপূজাৰ উলহ-মালহৰ সময়তে পশ্চিম মাদাৰবাৰীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ পুত্ৰই হানি-খুঁচি প্ৰাণ ল’লে পিতৃৰ ৷ নিহত পিতৃৰ নাম ভক্ত বড়ো ৷
পিতৃহন্তা পুত্ৰৰ নাম ৰাজীৱ বড়ো ৷ বুধবাৰে নিশা ৮.৩০মান বজাত পিতৃ আৰু পুত্ৰৰ মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু পুত্ৰই ছুৰিৰে পেটত হানি-খুঁচি হত্যা কৰে ৷
হত্যাকাৰী পুত্ৰই পলাবলৈ চেষ্টা কৰিছিল যদিও গাঁওৰক্ষী বাহিনীৰ লোকে ঘাতক পুত্ৰ ৰাজীৱক আটক কৰে ।
ঘটনাৰ খবৰ পাই তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই আৰক্ষীৰ দল লৈ ঘটনাস্থলীলৈ ৰাওনা হয় আৰু মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পুত্ৰক তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে ।
পুত্ৰই মদ্যপান কৰাৰ বাবেই আজিৰ এই হত্যাকাণ্ড সংঘটিত হয় ।
- Log in to post comments
- 10 views