২০১৬ চনৰ ১৯ মে' তাৰিখে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ দিনটোৰ পৰাই সামাজিক দিশৰ সৈতে অহৰহ সম্পৰ্ক বজাই ৰাখি গহপুৰ মহকুমাৰ সৰ্বাংগীণ উন্নয়নৰ কামত জড়িত হৈ সমাজলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ স্বীকৃতি হিচাপে উৎপল বৰা শেহতীয়াকৈ ২০১৮ বৰ্ষৰ অটল ৰাষ্ট্ৰ ভক্তি বঁটাৰ বাবে নিৰ্বাচিত হৈছে ।
ৰাজনীতিৰ পথাৰখনৰ সৈতে জড়িত হৈ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিগত আঢ়ৈ বছৰে আগবঢ়োৱা সেৱাৰ বাবে মুম্বাইৰ আয়ুস্মান প্ৰতিষ্ঠান নামৰ অনুষ্ঠানটোৱে আগবঢ়োৱা এই বঁটা কিছুদিনৰ আগতে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিবলৈ পুনেৰ মহাৰাষ্ট্ৰ সাহিত্য পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভালৈ নিমন্ত্ৰণ কৰিছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে বিধায়কগৰাকী উক্ত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে ৷
সেয়েহে এই সন্মানীয় বঁটাটি তেওঁলোকে নিজৰ বিশেষ প্ৰতিনিধিৰ জৰিয়তে তেখেতলৈ প্ৰেৰণ কৰে আৰু তেখেতৰ হৈ সহধৰ্মিণী সৰস্বতী বৰাই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে ।
উল্লেখ্য যে গহপুৰ মহকুমাৰ বিশিষ্ট চিকিৎসক, সাহিত্যসেৱী, সমাজকৰ্মী ডাঃ কৃষ্ণকুমাৰ দে'কো এই বঁটাৰে সন্মানিত কৰা হৈছিল ।
- Log in to post comments
- 9 views