সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ।
নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ মহকুমাটোৰ বিভিন্ন ঠাইত পৰিছে ৷
সকলো দোকান-পোহাৰ, যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷
পুৱাই বন্ধৰ সমৰ্থকসকলে গহপুৰৰ ৰাজপথলৈ ওলাই আহি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ।
৪৬টা সংগঠনে দিয়া অসম বন্ধৰ সমৰ্থক বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ তুষাৰ বৰাক আৰক্ষীয়ে আটক কৰে ।
- Log in to post comments
- 8 views