আজি সন্ধিয়া তামুলপুৰ মহকুমাৰ অন্তৰ্গত চিকনীবাৰীত ৰঙিয়া-ভূটান পথৰ ওপৰত অৱস্থিত ঘগা দলঙৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত চিকনীবাৰীৰ হাছেন আলী (২৭ ) থিতাতে নিহত হোৱাৰ লগতে চিকনীবাৰীৰ ফইজুল আলী (২২) গুৰুতৰভাৱে আহত হয় ।
ঘটনাৰ বিৱৰণী অনুসৰি, আজি সন্ধিয়া ৫.৩০মান বজাত চিকনীবাৰীৰ হাছেন আলী আৰু ফইজুল আলীয়ে এ এছ-২৫ ই-৭৪৯৮ নম্বৰৰ মটৰচাইকেলখনেৰে দ্বাৰকুছিৰ পৰা চিকনীবাৰীলৈ গৈ থকা অৱস্থাত ৰঙিয়া দিশৰ পৰা তামুলপুৰ অভিমুখে আহি থকা সেনাবাহিনীৰ জীপচি নং ১৪ বি-১১৪৪৮৬ কে এখনে মটৰচাইকেলখনত খুন্দা মাৰাত মটৰচাইকেল আৰহী হাছেন আলী থিতাতে নিহত হয় আৰু ফইজুল আলীৰ এখন ভৰি ছিঙি গুৰুতৰভাৱে আহত হয় ।
লগে লগে আহত ফইজুলক চিকিৎসাৰ বাবে ৰঙিয়া মেডিকেললৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । অঞ্চলটোৰ ৰাইজে ৰঙিয়া-ভূটান পথটো অৱৰোধ কৰি যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে ।
অৱৰোধকৰীসকলে ৰঙিয়া-ভূটান পথৰ ঘগা দলঙৰ ওচৰত গতিৰোধক নিৰ্মাণ কৰক, আৰক্ষী-প্ৰশাসন হায় হায় আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে । ঘটনাস্থলীত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দল গৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনে ।
- Log in to post comments
- 28 views