বিধায়ক শিলাদত্যৰ বিৰুদ্ধে এজাহাৰ তামুলপুৰ জিলা এবিএমছুৰ 

ss

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তামুলপুৰ আৰক্ষী থানাত আজি তামুলপুৰ জিলা এ বি এম ছুৱে শিলাদিত্যদেৱে কৰা সাম্প্ৰদায়িক মন্তব্য আৰু এন আৰ চিক অৱমাননা কৰাৰ প্ৰতিবাদত এখন এজাহাৰ দাখিল কৰে ।

a

উল্লেখ যোগ্য যে যোৱা ১৩ অক্টোৱৰ তাৰিখে আলফা স্বাধীনে গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত দিয়া বোমা বিস্ফোৰণৰ পিছত বিজেপি বিধায়ক শিলাদিত্যদেৱে ঈদৰ সময়ত বোমা দি সাহস দেখুৱাবলৈ আলফাক প্ৰৰোচিত কৰাৰ লগতে বহু সময়তে এন আৰ চিত মুছলমান বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত  হোৱা বুলি এন আৰ চি প্ৰক্ৰিয়াক চূৰান্তভাবে যি অৱমাননা কৰি আহিছে তাৰ পৰিপ্ৰেক্ষিতত আজি তামুলপুৰ জিলা এ বি এম ছুৱে তামুলপুৰ থানাত আই পি চি ১০৫/১২০/বি/১৫৩/এ ধাৰাত এটি গোচৰ ৰুজু কৰে। তামুলপুৰ জিলা এ বি এম ছুৰ সভাপতি টাইচন হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে শিলাদিত্যদেৱে এনে মন্তব্য কৰি আহিছে ।

Your Comments