গহপুৰৰ তেলেনী গাঁৱৰ দুৰ্গা প্ৰতিমাক পিন্ধালে গোৰ্খা সম্প্ৰদায়ৰ বস্ত্ৰ 

a

গহপুৰ মহকুমাৰ বিভিন্ন স্থানত দুৰ্গা পূজাৰ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । গহপুৰত মুঠ ৭০টা স্থানত পূজাৰ আয়োজন কৰা হৈছে । বিভিন্ন পূজা সমিতিসমূহে নিজৰ পূজা ভাগক আকৰ্ষনীয় কৰি তুলিবলৈ প্ৰয়াস কৰা দেখা গৈছে ।

ইয়াৰ ব্যতিক্ৰম নহয় তেলেনী গাঁও দুৰ্গোৎসৱ পূজা সমিতি । এই পূজা সমিতি বিশেষ আকৰ্ষণ হ'ল ইয়াৰ প্ৰতিমা । অসমৰ অন্যতম এক সম্প্ৰদায় গোৰ্খা সম্প্ৰদায়ৰ বস্ত্ৰ পৰিধান কৰাই আটকধুনীয়াকৈ প্ৰতিমা নিৰ্মাণ কৰা হৈছে । ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ সংস্কৃতিৰ এক আভাস দিয়াৰ প্ৰয়াস কৰা দেখা গৈছে ।

Your Comments