তামুলপুৰ-ঘগ্ৰাপাৰ পথ উন্নয়মনৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী

তামুলপুৰ-ঘগ্ৰাপাৰ পথ উন্নয়মনৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী

বাক্সা জিলাৰ বৃহত্তৰ তামুলপুৰ মহকুমাৰ পশ্চিম তামুলপুৰৰ বিধ্বস্ত তামুলপুৰ-ঘগ্ৰাপাৰ পথটো উন্নত কৰাৰ দাবীত আজি পশ্চিম  তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰ-ঘগ্ৰাপাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেডিকেল চ'কত দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

তামুলপুৰ-ঘগ্ৰাপাৰ পথ উন্নয়মনৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী

পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ ৰূপায়ণ কৰা পথ অৱৰোধ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী, ৰাইজ আৰু আছু নেতাসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ তামুলপুৰ-ঘগ্ৰাপাৰ পথ পুনৰ নিৰ্মাণ কৰক, অসম চৰকাৰ হায় হায়, হাগ্ৰামা মহিলাৰী গ' বেক, তামুলপুৰৰ বিধায়ক হায় হায়, দেৱেন বড়ো মুৰ্দাবাদ, বিটিচি প্ৰশাসন হায় হায়, অসম চৰকাৰ হায় হায়, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি শ্লোগান প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

এই পথ অৱৰোধ কাৰ্যসূচীত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, তামুলপুৰ মহকুমা ছাত্ৰ সন্থা, তেতলিগুৰি-কালাকুছি বাৰোৱাৰী লক্ষ্মীপূজা সমিতিৰ লগতে পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে ।

পথ অৱৰোধ কাৰ্যসূচীৰ পিছত তামুলপুৰৰ মহকুমাধিপতিৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰী, মুখ্য কাৰ্যবাহী সদস্য,  তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আৰু জিলা উপায়ুক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় । 

Your Comments