তামুলপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী

তামুলপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী

বাক্সা জিলাৰ বৃহত্তৰ তামুলপুৰ মহকুমাৰ বিধ্বস্ত ৰাস্তা-ঘাট আৰু পয়ালগা স্বাস্থ্য সেৱা উন্নত কৰাৰ দাবীত বুধবাৰে তামুলপুৰ জ্যেষ্ঠ  নাগৰিক মঞ্চৰ উদ্যোগত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাচকত দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

তামুলপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী

পুৱা ন বজাৰ পৰা দিনৰ এঘাৰ বজালৈ ৰূপায়ণ কৰা পথ অৱৰোধ কাৰ্যসূচীত জ্যেষ্ঠ নাগৰিকসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ তামুলপুৰৰ বিধ্বস্ত ৰাস্তা-ঘাট-দলং মেৰামতি কৰক, পয়ালগা স্বাস্থ্যসেৱা উন্নত কৰক, তামুলপুৰত এশখন বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰক, গৰ্ভৱতী মহিলাৰ প্ৰসৱকালীন চিকিৎসা সেৱাৰ দিহা কৰক, বিটিচি প্ৰশাসন হায় হায়, অসম চৰকাৰ হায় হায়, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি শ্লোগান দি জ্যেষ্ঠ নাগৰিকসকলে পথ অৱৰোধথলী উত্তাল কৰি তোলে ৷

এই পথ অৱৰোধ কাৰ্যসূচীত তামুলপুৰ প্ৰেছ ক্লাবৰ সদস্য সকল, নিৰ্মলা মহিলা সমাজ, আশা দৰ্শন ট্ৰাষ্ট, তামুলপুৰ আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷ পথ অৱৰোধৰ অন্তত জ্যেষ্ঠ নাগৰিক মঞ্চই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তামুলপুৰ মহকুমাধিপতিলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । 
 

Your Comments