বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বৰখোপা এম ই এছ চ’ক আৰু তামুলপুৰ পুৰণ চ'কত সোমবাৰে দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ৷
ফলত গেৰুৱৰা গাঁৱৰ জাকিৰ হুছেইন (৪০), বেলবাৰীৰ কলমেশ পাটগিৰি (২২), ৰাহুল পাটগিৰি আৰু দ্বাৰকুছিৰ নয়নজ্যোতি ব্ৰহ্ম (১৯) ৰগুৰুতৰভাৱে আহত হয় ৷ জানিব পৰা মতে, আজি আবেলি পৰত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে পালছাৰ বাইক এখনেৰে ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত বৰখোপাৰ এম ই এছ চ'কত তীব্ৰ বেগত বাইক চলাই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷
স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ পিছত আৰক্ষীৰ সহযোগত ৰাইজে দুৰ্ঘটনাত পতিত হোৱা যুৱককেইজনক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷
আনহাতে, তামুলপুৰৰ পুৰণ চ'কত এ এছ-০০১ বি ডব্লিউ-৭১২১ নম্বৰৰ পালছাৰ বাইকেৰে তামুলপুৰৰ পৰা কুমাৰীকাটালৈ গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাত পতিত হয় ৷
আটাইকেইজন দুৰ্ঘটনাত পতিত যুৱকক তামুলপুৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
- Log in to post comments
- 5 views