ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত ষড়যন্ত্ৰূলকভাৱে বিভিন্ন অজুহাতত প্ৰকৃত ভাৰতীয় হিন্দু বঙালীসলক বিদেশী সজোৱাৰ কু-চক্ৰান্ত কৰাৰ অভিযোগ তুলি এই কু-চক্ৰান্ত বন্ধ কৰাৰ লগতে এনে গাফিলতিৰ বাবে দায়ী বিষয়াসকলক শাস্তি প্ৰদান কৰা, সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত পাঁচবিধ নথি বাতিল কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বিৰুদ্ধে, ডি ভোটাৰ বাতিল কৰা, শৰণাৰ্থী শিবিৰত থকা হিন্দু বঙালীসকলক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন, বাক্সা জিলা সমিতিৰ উদ্যাগত এক তিনি ঘণ্টীয়া গণ ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় ৷
গণ ধৰ্ণা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টা সুশীল দাসে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাই কয় যে এন আৰ চিৰ চূড়ান্ত খচৰাৰ তালিকাৰ পৰা অসমৰ ৪০ লাখ লোকৰ নাম বাদ পৰি যায় ৷
কিন্ত এই ৪০ লাখৰ ভিতৰত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কোনো কাৰণতে বাদ পৰিব নোৱাৰিব ৷ তাৰবাবে কংগ্ৰেছ দলে চোকা দৃষ্টি ৰাখিব বুলি কয় ৷ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত যি পাঁচবিধ নথি বাতিল কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে সেই নথি পাঁচবিধ অন্তৰ্ভুক্ত কৰাৰো দাবী জনায় ৰিপুণ বৰাই ৷ আনহাতে, বিজেপি দলে এন আৰ চিক লৈ মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে ৷
গণ ধৰ্ণাত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে'ই অংশগ্ৰহণ কৰি কয় যে এন আৰ চিৰ সমস্যাটো অকল বঙালীৰে সমস্যা নহয় ৷ সকলো জাতি-জনগোষ্ঠীৰে সমস্যা ৷ সেয়ে আমি সকলো জাতি-জনগোষ্ঠীৰ সপক্ষে মাত মাতি যাম ৷
গণ ধৰ্ণাথলীত হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে হাতত বেনাৰ, প্লে'-কাৰ্ড আদি লৈ আমাৰ দাবী ন্যায্য দাবী, বঙালীবিৰোধী চক্ৰ হুঁচিয়াৰ, ডি ভোটাৰৰ নামত হাৰাশাস্তি নচলিব, ডিটেনচন কেম্পত থকা শৰণাৰ্থীসকলক বিনাচৰ্তে মুক্তি দিয়ক, হিন্দু বঙালীৰ ওপৰত অত্যাচাৰ নচলিব, অসম চৰকাৰ হায় হায়, বঙালী ঐক্য জিন্দাবাদ, অমিত শ্বাহ গ' বেক, সোণোৱাল চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ-বতাহ কঁপাই তোলে ৷
গণ ধৰ্ণাত লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, কংগ্ৰেছ নেতা দুৰ্গাদাস বড়ো, শব্দ ৰাভা, বিপিএফৰ নেতা তথা বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, বিজেপি দলৰ এম চি এল এ ধৰ্ম নাৰায়ণ দাস, বাক্সা জিলা এবছুৰ সভাপতি সুনীল সুজু বসুমতাৰী, তামুলপুৰ জিলা এবি এমছুৰ সভাপতি টাইছন হুছেইন, পিপ'লছ জইন্ট এক্সন কমিটীৰ নেতা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷
- Log in to post comments
- 9 views