ৰাজ্যত আৰু এগৰাকী অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকৰ মৃত্যু ৷ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বতিয়ামাৰী এম ই স্কুলৰ হিন্দী বিষয়ৰ সহঃ শিক্ষক কান্তেশ্বৰ বসুমতাৰী (৫৩)ৰ আজি মৃত্যু হয় ৷
কে’বাদিনে ধৰি কিডনীৰ সমস্যাত ভুগি অৰ্থৰ অভাৱত পৰি বিনা চিকিৎসাই মৃত্যুক সাৱটি ল’বলগা হয় দুৰ্ভগীয়া শিক্ষকগৰাকীয়ে ৷ বতিয়ামাৰী এম ই স্কুলৰ সহকাৰী শিক্ষকগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে ৷
শিক্ষকগৰাকীয়ে ১৯৯০ চনৰ পৰা প্ৰতিষ্ঠাপক হিন্দী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ সুদীৰ্ঘ ২৮ বছৰে বিনা বেতনে শিক্ষকতা কৰি আজি অকালতে মৃত্যুক সাৱটি ল’বলগা হোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷
পৰিয়ালৰ মুৰব্বীগৰাকীৰ অকাল বিয়োগত এতিয়া পৰিয়ালটোৱে চৌদিশে দেখিছে অন্ধকাৰ ৷ আজি পুৱা শিক্ষকগৰাকীৰ মৃতদেহ কলবাৰী গাঁৱৰ ঘৰলৈ অনাৰ পিছত ঘৰখনত এক বুজাব নোৱাৰা পৰিবেশে বিৰাজ কৰে ৷
পিছত শিক্ষকগৰাকীৰ কৰ্মস্থলী বতিয়ামাৰী এম ই স্কুললৈ তেওঁৰ মৃতদেহ লৈ যোৱা হয় আৰু তাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷
উল্লেখ্য যে বৃক্কৰ ৰোগত আক্ৰান্ত শিক্ষকগৰাকী অৰ্থৰ অভাৱত স্থানীয় চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি আছিল যদিও শেহতীয়াকৈ তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ বিগত দুদিন তেওঁৰ শৌচ-প্ৰসাৱ বন্ধ হৈ পৰাত কালি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত জি এন আৰ চিত ভৰ্তি কৰায় যদিও নিশাই তেওঁৰ মৃত্যু ঘটে ৷
ভবিষ্যতে যাতে আন কোনেও বিনা বেতনে কৰ্মৰত অৱস্থাত মৃত্যুবৰন কৰিব নালাগে তাৰবাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা স্থানীয় সচেতন ৰাইজে ভেন্সাৰ বিদ্যালয়সমুহ শীঘ্ৰে প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
- Log in to post comments
- 5 views