২০১৭-১৮ বৰ্ষত ৰাজ্যৰ পৰিবহণ বিভাগত কৰ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখৰ দিশে আগবাঢ়িছে দৰং জিলা পৰিবহণ বিভাগ ৷ যি সময়ত জিলাখনৰ বেছিভাগ বিভাগতে দুৰ্নীতিয়ে গা কৰি উঠিছে, সেই সময়তে জিলাখনৰ পৰিবহণ বিভাগ অধিক কৰ সংগ্ৰহেৰে অভিলেখৰ দিশে আগবাঢ়িছে ৷
জানিব পৰা মতে, ২০১৬-১৭ বিত্তীয় বৰ্ষত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৭.৭২ কোটি টকাৰ বিপৰীতে সংগ্ৰহ হৈছিল ৮ কোটি ৫৮ লাখ ৯৩ হাজাৰ ৩৩৫ টকা ৷ উক্ত বৰ্ষত পৰিবহণ বিভাগে অতিৰিক্তভাৱে ৮৬ লাখ ৯৩ হাজাৰ ৩৩৫ দিবলৈ সক্ষম হৈছিল ৷
২০১৭-১৮ বৰ্ষত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ১১ কোটি ৯ লাখ টকাৰ বিপৰীতে ১৩ কোটি ৫ লাখ ৫৪ হাজাৰ ৪৮৫ টকাৰ ৰাজহ সংগ্ৰহ কৰে ৷ ২ কোটিৰো অধিক টকা এই বৰ্ষত বিভাগটোৱে অকল্পনীয়ভাৱে সংগ্ৰহ কৰে ৷
জিলা পৰিবহণ বিষয়া দিপাঞ্জলী বৰাৰ তৎপৰতাত, কাৰ্যালয়টোৰ কৰ্মচাৰীৰ সক্ৰিয় সহযোগিতাত বিভাগটোৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈ নিৰ্ধাৰিত ৰাজহ সংগ্ৰহতো অভিলেখ সৃষ্টি কৰিছে বিভাগটোৱে ৷
- Log in to post comments
- 22 views
