বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ কাউলীৰ মটঙা নদীৰ পাৰত ২৪নং এছ এছ বিৰ ব্যতিক্ৰমী পদক্ষেপ । ৰঙিয়াৰ ২৪ নং এছ এছ বি বাহিনীৰ দ্বাৰা যোৱা ৪৫ দিন ধৰি চিলপা মটৰ্ছৰ সহযোগত স্থানীয় ১২গৰাকী নিবনুৱা যুৱকক লৈ মটৰ ড্ৰাইভিং প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিল ।
২৪নং এছ এছ বি বাহিনীটোৰ কেন্দ্রীয় চৰকাৰৰ কাৰিকৰী প্ৰশিক্ষণক আধাৰ হিচাপে লৈ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সীমান্ত অঞ্চলত বসবাস কৰা স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্য বিভিন্ন ধৰণৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে ।
সেয়েহে আজি মহকুমাটোৰ কাউলী মটঙাপাৰত ৪৫ দিন ধৰি চাৰিচকীয়া গাড়ী চলোৱা প্ৰশিক্ষণ সমাপ্ত কৰা ১২গৰাকীকৈ যুৱকক একোখনকৈ শিল্পা মটৰ্ছৰ পৰা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় ।
আজিৰ সভাখন শুভাৰম্ভ কৰে ডেপুটী কামাণ্ডেট দীপক সাহায়ে ৷ মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰঙিয়া ২৪নং এছ এছ বিৰ মুখ্য কাৰ্যালয়ৰ ডি আই জি ছেহ ডাব্লিউ নাৰবোইবী আৰু স্থানীয় স্বামী সম্পূৰ্ণন্দ সৰস্বতী ।
লগতে আজিৰ সম্বৰ্ধনা জনোৱা সভাত স্থানীয় ৰাইজ উপস্থিত থকাৰ লগতে ২৪নং এছ এছ বি বাহিনীৰ জোৱানসকলো উপস্থিত থাকে ।
- Log in to post comments
- 11 views