চতুৰ্থ পেনচাক চেম্পিয়নশ্বিপত পুনৰ উজ্জলিল অসম কন্যা

ss

কোটি কোটি ভাৰতীয়ৰ হৃদয় জিনিবলৈ সক্ষম হোৱা যুৱ শ্বুটাৰ হৃদয় হাজৰিকাৰ পিছত আন এক অসম কন্যা পম্পী দেউৰীয়ে পুনৰবাৰ এছিয়া ভিত্তিত উজ্জ্বলাই তুলিলে অসম আৰু ভাৰতৰ নাম ৷ শ্ৰীনগৰৰ শ্বেৰ-আই-ইনডৰ ষ্টেডিয়ামত ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা চতুৰ্থ পেনচাক চেম্পিয়নশ্বিপত পম্পীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কুণ্ডিলনগৰৰ বৈদ্যনাথ দেউৰী আৰু প্ৰয়াত অমৃতপ্ৰভা দেউৰীৰ কন্যা পম্পী দেউৰীয়ে বুধবাৰে অনুষ্ঠিত হোৱা চিলেট পেনচাক চেমি ফাইনেলৰ ৫০-৫৫ কেজি শাখাত অংশগ্ৰহণ কৰি চিংগাপুৰৰ বিনটে জুলকিফ্লি হাতত পৰাজিত হয় যদিও ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰব কঢ়িয়াই আনিছে ।

aa

উল্লেখ্য যে,পম্পীয়ে ২০১৫ চনত জুনিয়ৰ পেনচাক চিলেট ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত নেশ্যনেল চেম্পিয়নশ্বিপত সোণৰ পদক, ২০১৬ চনত বিহাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেনচাক চেম্পিয়নশ্বিপত ৰূপৰ পদক, ২০১৭ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত দ্বিতীয় জুনিয়ৰ পেনচাক ফেডাৰেশ্যন কাপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে শেহতীয়াকৈ পঞ্জাবত অনুষ্ঠিত হোৱা নেচেনেল বিচ পেনচাক চিলেট চেম্পিয়নশ্বিপ ২০১৮ ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে পম্পীয়ে পম্পী দেউৰীয়ে জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত খেলাৰ সুযোগ পোৱাৰ পিছতো ভাৰতীয় অলিম্পিক এছ’চিয়েচনৰ অনুমতি নোপোৱা বাবে থমকি ৰ’বলগীয়া হোৱাৰ ঘটনাই পৰিয়ালৰ লগতে নাৰায়ণপুৰৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যদিও আজি পম্পী এই সফলতাত দেশৰ লগতে জন্মস্থান নাৰায়ণপুৰবাসীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে  ।

Your Comments