কয়লা মাফিয়া শুভম জৈনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ

কয়লা মাফিয়া শুভম জৈনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ

কয়লা মাফিয়া শুভম জৈনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ । আজি পুৱতি নিশা বেলতলা প্ৰভাত এপাৰ্টমেণ্টৰ পৰা আটক কৰা হয় কয়লা মাফিয়াগৰাকীক ।আৰক্ষীৰ ভাষ্য অনুসৰি, জৈনে অনুজ্ঞাপত্ৰ অবিহনে কয়লা সৰবৰাহ কৰা মাফিয়াসকলক বহু সময়ত ভুৱা চালান যোগান ধৰি আহিছিল ।

ইয়াৰ উপৰি তেওঁৰ বিৰুদ্ধে আছে জি এছ টি ফাঁকি আৰু আয়কৰ ফাঁকিৰ অভিযোগ । কিছুদিনৰ পূৰ্বে বশিষ্ঠ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় কয়লা মাফিয়াগৰাকীক ।

গোচৰ নম্বৰ ১২২৪/১৮ অনুসৰি গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে বশিষ্ঠ আৰক্ষীয়ে ।

Your Comments