মুখ্য মন্ত্ৰী সহিতে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ পিছত এইবাৰ ছবিঘৰত ভিৰ কংগ্ৰেছৰ

মুখ্য মন্ত্ৰী সহিতে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ পিছত এইবাৰ ছবিঘৰত ভিৰ কংগ্ৰেছৰ

"আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা ৷" এয়া এষাৰি অসমীয়া আপ্তবাক্য । আৰু ইয়াকে যেন আখৰে আখৰে ৰূপায়ণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । ৰিমা দাসৰ বহুল চৰ্চিত তথা অস্কাৰৰ দৌৰত স্থান পোৱা ছবি "ভিলেজ ৰকষ্টাৰ্ছ"লৈ দর্শকৰ বিপুল সঁহাৰি ।

সঁহাৰি ৰাজ্য চৰকাৰৰো । তাৰ পৰিপ্ৰেক্ষিততে বুধবাৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু তেওঁৰ দলৰ একাংশ মন্ত্ৰী-বিধায়কে উপভোগ কৰিলে ছবিখন মহানগৰী ছবিগৃহত । মুক্তি লাভৰ ৬ দিনৰ পাছত মুখ্য মন্ত্ৰীয়ে ছবিখন উপভোগ কৰাৰ পাছতে এতিয়া ছবিখন চোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ মাজতো দেখিবলৈ পোৱা গৈছে এক আঘোষিত প্ৰতিযোগিতা ।

মুখ্য মন্ত্ৰী সহিতে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ পিছত এইবাৰ ছবিঘৰত ভিৰ কংগ্ৰেছৰ

মুখ্য মন্ত্ৰীয়ে বুধবাৰে ছবিখন উপভোগ কৰাৰ পিছত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু তেওঁ দলৰ একাংশ বিধায়ক-কর্মীয়েও অনুৰাধা ছবিগৃহত সন্ধিয়া ৮.১৫ বজাত উপভোগ কৰে ছবিখন ।

যদিও ছবিখনৰ বাবে এয়া শুভলক্ষণ, তথাপি কংগ্ৰেছৰ এই কাৰ্য দেখি বহুতে এতিয়া বিভিন্ন মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছে কংগ্ৰেছৰ এয়া এক ভোট বেংকৰ ৰাজনীতি । তেওঁলোকৰ যুক্তি, আজি ছবিখন ছবিগৃহলৈ অহা কেইবাদিনো হ'ল ৷

মুখ্য মন্ত্ৰী সহিতে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ পিছত এইবাৰ ছবিঘৰত ভিৰ কংগ্ৰেছৰ

কিন্তু কোনো এজন কংগ্ৰেছ নেতাক ছবিগৃহত দেখিবলৈ পোৱা যোৱা নাছিল ছবিখন উপভোগ কৰাৰ বাবে । কিন্তু মুখ্য মন্ত্ৰীৰ লগত তেওঁ দলৰ একাংশ মন্ত্ৰী-বিধায়কে ছবিখন চোৱাৰ পাছতে এতিয়া ছবিঘৰত ভিৰ কৰিছেহি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও ।

ছবিখনৰ প্ৰতি প্ৰকৃত আন্তৰিকতা নে ৰাজনৈতিক অংকত কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে ছবিঘৰত ভিৰ কৰিছে সেয়া অসমৰ জনসাধাৰণে নিশ্চয় বুজিব ।

Your Comments