অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী মহানগৰ আছুৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী মহানগৰ আছুৰ

দিনক দিনে ক্ৰমাত বৃদ্ধি পাই আছে অত্যাৱশ্যকীয় সামগ্ৰী ৷ বিশেষকৈ পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ । অস্বাভাৱিক দাম বৃদ্ধিৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে জনসাধাৰণে । তাৰফলত এতিয়া ৰাজ্যত বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী মহানগৰ আছুৰ

কিন্তু গা লৰাবলৈ সক্ষম হোৱা নাই দিছপুৰৰ ৰজাঘৰীয়াৰ । তাৰ পৰিপ্ৰেক্ষিতত আজি দীঘলীপুখুৰীপাৰত প্ৰতিবাদত বহিল কামৰূপ মহানগৰ আছু । হাতে হাতে প্লে' কাৰ্ড লৈ গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভালেসংখ্যক আছুকর্মীয়ে ।

হাতে হাতে প্লে' কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰ হায় হায়, ইন্ধনৰ মূল্য হ্ৰাস কৰক, কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদৰ লগতে পেট্ৰ'ল-ডিজেলক জিএছটিৰ আওতালৈ আনিব লাগে বুলিও দাবী জনাই পৰিৱেশ উত্তাল কৰি তোলে ।

Your Comments