দীঘলীপুখুৰীপাৰ নহয়, এতিয়াৰে পৰা প্ৰতিবাদৰ স্থান চচল

দীঘলীপুখুৰীপাৰ নহয়, এতিয়াৰে পৰা প্ৰতিবাদৰ স্থান চচল

দীঘলীপুখুৰীপাৰত এতিয়াৰে পৰা দেখা নাযাব প্ৰতিবাদ । গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ৰায় প্ৰদান কৰি এই নির্দেশনা প্ৰদান কৰে । উল্লেখ্য দীঘলীপুখুৰীপাৰত হোৱা প্ৰতিবাদৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় উক্ত পথছোৱাত ।

তাৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন । সেই আবেদনৰ শুনানি হিচাপে উচ্চ ন্যায়ালয়ে চৰকাৰক দিছিল প্ৰতিবাদৰ স্থান নিৰ্ধাৰণৰ বাবে এক নির্দেশনা ।

সেই নির্দেশনাৰ ভিত্তিত চৰকাৰে নিৰ্ধাৰণ কৰিছে মহানগৰীৰ চচল অঞ্চলৰ চৰকাৰী মাটি ।

চচল অঞ্চলৰ টেনিছ কোৰ্টৰ কাষৰ চৰকাৰী মাটি আৱণ্টন কৰিছে প্ৰতিবাদকাৰীসকলৰ বাবে । এতিয়াৰে পৰা উক্ত ঠাইত হ'ব যিকোনো প্ৰতিবাদী কাৰ্যসূচী ।

Your Comments