এ পি এছ চি কেলেংকাৰীৰ ৯ অভিযুক্তৰ জামিন মঞ্জুৰ

এ পি এছ চি কেলেংকাৰীৰ ৯ অভিযুক্তৰ জামিন মঞ্জুৰ

এ পি এছ চি কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা ৯জন ৰাজপত্ৰিত বিষয়া মুকলি আকাশৰ তললৈ অহাটো চূড়ান্ত হ'ল । গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছু সময় পূৰ্বে মঞ্জুৰ কৰিছে এই ৯জন দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াৰ জামিন ।

জামিন লাভ কৰা বিষয়াকেইজন হ'ল দীপক খনিকৰ, কুনাল দাস, সুদীপ্তা গোস্বামী, গীতালি দলে, ৰুমী শইকীয়া, সুনয়না আইদেউ, চাবিৰা ইমৰান, দিলীপ কুমাৰ কলিতা, বদৰুল ইছলাম । উল্লেখ্য যে এইসকল ৰাজপত্ৰিত বিষয়াক ২০১৭ চনৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ধন দি এ পি এছ চিৰ চাকৰি লোৱাৰ অভিযোগত ।

এ পি এছ চি কেলেংকাৰীৰ ৯ অভিযুক্তৰ জামিন মঞ্জুৰ

গুৰুত্বপূৰ্ণ কথা হ'ল যে সুনয়না আইদেউ হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় । ইফালে এই ৯গৰাকী ৰাজপত্ৰিত বিষয়াৰ জামিন মঞ্জুৰ হোৱাত সৰ্বত্ৰে চৰ্চা হোৱাৰ লগতে সকলো আচৰিত হৈছে ৷

কাৰণ এ পি এছ চিৰ তদন্ত সম্পূৰ্ণ নোহোৱাকৈ এইসকল ৰাজপত্ৰিত বিষয়া মুকলি আকাশৰ তললৈ অহাটোৱে আৰক্ষীৰ বিভাগৰ ফোঁপোলা স্বৰূপকে পুনৰ বাৰ উন্মোচিত কৰিলে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ।

Your Comments