ইন্ধনৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰা পৰিবহণমন্ত্ৰীৰ মন্তব্য- বাছ ভাড়া বৃদ্ধি যুক্তিসংগত

ইন্ধনৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰা পৰিবহণমন্ত্ৰীৰ মন্তব্য- বাছ ভাড়া বৃদ্ধি যুক্তিসংগত

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ওচৰত অৱশেষত সেও মানিলে পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে । বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি অষ্টম দিনা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ মাজতে আলোচনা হৈছিল যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধি প্ৰসঙ্গ ।

বিধানসভাৰ মজিয়াত জনসাধাৰণৰ ওপৰত মাধমাৰ শোধাই পৰিবহণ মন্ত্ৰীয়ে ঘোষণা কৰিলে ১০ অক্টোবৰৰ পৰা ৩০ শতাংশকৈ বৃদ্ধি পাব যাত্ৰীবাহী বাছৰ ভাড়া । উল্লেখ্য পৰিবহণ মন্ত্ৰীগৰাকীয়ে মটৰ পৰিবহণ সন্থাৰ লগত সমানে সুৰ মিলাই সমৰ্থন কৰিলে বাছৰ ভাড়া বৃদ্ধি প্ৰসংগক ।

তেওঁ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ওচৰত বশ্যতা স্বীকাৰ কৰি কয় যে ২০১২ চনৰ পৰা বৃদ্ধি হোৱা নাই বাছৰ ভাড়া । সেইবাবে ভাড়া বৃদ্ধি হোৱাটো এতিয়া যুক্তিসংগত । কাৰণ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে যান-বাহনসমূহৰ মেৰামতিৰ বাবদ এতিয়া খৰচ বহুত হয় ।

ইয়াৰ উপৰি বাছৰ চালক, পৰিচালকৰ দৰমহা বৃদ্ধি হৈছে বুলিও মন্তব্য কৰে । লগতে মন্ত্ৰীজনে অতি দুৰ্বল স্থিতি গ্ৰহণ কৰি উল্লেখ কৰে যে দেশৰ ভিতৰত কেৱল অসমতে বাছৰ ভাড়া কম ৷ উল্লেখনীয়ভাৱে মন্ত্ৰীজনৰ এই মন্তব্যক সমৰ্থন জনায় বহুবল্কী বিজেপি বিধায়ক শিলাদিত্য দেৱেও ।

Your Comments