ভূমি অধিকাৰ আৰু আইনৰ এক বিষয়ক লৈ আজি বাক্সা জিলাৰ কুমাৰীকাটাৰ গনেশগুৰিৰ আদিবাসী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত এখন বিশাল গণসভা অনুষ্ঠিত হয় ৷ আছা, আটছা আৰু চানতাল ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত সজাগতা গণ সভাত ভূমিৰ অধিকাৰ আৰু আইন সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হয় ৷
উক্ত সভাখন ধেমা চৰেণৰ সভাপতিত্বত অনুষ্ঠিত হয় । সভাখনত জি টি আই এফৰ অৰ্ণৱ গোস্বামীয়ে ভাষণ দি ভূমিৰ অধিকাৰ আইন সন্দৰ্ভত কয় যে ভূমিৰ যিটো সমস্যা অকল অসম বা ভাৰতৰ সমস্যা নহয়; গোটেই পৃথিৱীৰে সমস্যা ৷ বন ধ্বংস হৈ আছে, পৰিবেশ বিনষ্ট হ’বলৈ ধৰিছে । বৰষুণ, ধুমুহা, বতাহ আজিকালি যিকোনো সময়তে আহে । আচলতে কেতিয়াবা আমাৰ ভুল বুজাবুজি হৈ যায় ভূমিৰ অধিকাৰ নহয় বন অধিকাৰ হ’ব লাগে বুলি কয় ।
তেওঁ লগতে বন আইনৰ ১৮৭৮ ধাৰাৰ অধীনত থকা প্ৰ-পত্ৰ, বি আৰু চিএএফ বিষয়ে বিশদ ভাৱে বিৱৰণ দাঙি ধৰে । আজিৰ সভাৰ আৰম্ভণিতে পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে এফ আৰ চিৰ সভাপতিযে বিজেল কুজুৰে ৷ ৯ বজাত বৃক্ষ ৰোপণ কৰে সমাজসেৱক ধেমা চৰেণে ।
৯:৩০ বজাত ধনু খেলৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে সনিল চৰেণে । আবেলি মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰে ব্ৰিজেল কিস্কুৱে ৷ আজিৰ সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে এ এন চি সমিতিৰ সাংস্কৃতিক সম্পাদক বীৰচিং মুন্দা ৷ লগতে আদিবাসী প্ৰধান অঞ্চলতিৰ প্ৰায় চাৰি শতাধিক লোক উপস্থিত থাকি আজিৰ সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
- Log in to post comments
- 17 views