দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ ৫০ শতাংশ ভাড়া বৃদ্ধিৰ বিৰোধিতা

ss

ইন্ধনৰ মূল্যবৃদ্ধিৰ সুযোগ বুজি অহা ১০ অক্টোবৰ পৰা প্ৰায়বোৰ যাত্ৰীবাহী বাছৰ ভাড়া একেকোবে ৫০ শতাংশ বৃদ্ধি কৰিব বুলি সদৌ অসম পৰিবহণ সন্থাই জাননী জাৰি কৰাৰ সময়ত আজি গুৱাহাটী প্ৰেছ ক্লাৱত পৰিবহণ সন্থাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সংবাদ মেল পাতি ক্ষুব্ধ হৈ পৰে দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসম । সংবাদ মেলত মটৰ পৰিবহণ সন্থাৰ প্ৰতি দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ মুকলি হুংকাৰ- কোনো কাৰণতে জনসাধাৰণৰ ওপৰত মাধমাৰ শোধাই ৫০ শতাংশ ভাড়া বৃদ্ধি কৰিব নোৱাৰে মটৰ পৰিবহণ সন্থাই ।

s

কেৱল চৰকাৰ বা তেওঁলোকৰ সন্থাৰ মাজতেই আলোচনা কৰি ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নহ'ব, ৰাজ্যৰ জনসাধাৰণৰ কথাও তেওঁলোকে চিন্তা কৰিব লাগিব । সংবাদ মেলত তেওঁলোকে এইবুলিও কয় যে ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে ভাড়া বৃদ্ধি পোৱাটো তেওঁলোকেও সমৰ্থন কৰে ৷ কিন্তু সেই ভাড়া বৃদ্ধিৰ পৰিমাণ কোনো কাৰণতে ৫ৰ পৰা ১০ শতাংশতকৈ অধিক হ'ব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সভাপতি প্ৰদীপ দাসক । মটৰ পৰিবহণ সন্থাই ২০১২ চনতে তেওঁলোকৰ ভাড়া বৃদ্ধি হৈছিল আৰু সেই নিৰ্ধাৰিত ভাড়াত মালিকসকল লোকচানৰ সন্মুখীন হৈছে বুলি যি অভিযোগ উত্থাপন কৰি আহিছিল সেই অভিযোগৰ কথা উল্লেখ কৰি দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসমৰ সভাপতিগৰাকীয়ে কয় যে যদি তেওঁলোকে লোকচান বা পৰিয়াল পোহ-পাল দিয়াত অসুবিধা হৈছে তেন্তে তেওঁলোকে চলাবলৈ বন্ধ কৰি দিয়ক তেওঁলোকৰ যাত্ৰীবাহী বাহনসমূহ ।

সেই বুলি তেওঁলোকে ৫০ শতাংশ বৃদ্ধি কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে । তেওঁলোকে এই সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰৰ পৰিবহণ বিভাগকো সকীয়াই দিয়ে যে কোনো কাৰণতে মটৰ পৰিবহণ সন্থাৰ ৫০ শতাংশ ভাড়া বৃদ্ধিৰ দাবীক অসম চৰকাৰৰ পৰিবহণ বিভাগে সমৰ্থন জনাব নালাগে । প্ৰয়োজনত অসম চৰকাৰৰ পৰিবহণ বিভাগে নিজাববীয়াকৈ বাছ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক, যদি ৫ৰ পৰা ১০ শতাংশ ভাড়া বৃদ্ধিৰ কথাটো মটৰ পৰিবহণ সন্থাই মানি নলয় ।

তেওঁলোকে যদি ৫০ শতাংশ বাছ ভাড়া বৃদ্ধি কৰে তেন্তে পৰৱৰ্তী সময়ত মটৰ পৰিবহণ সন্থাৰ বিৰূদ্ধে ৰাজপথলৈ ওলাই আহিব বুলিও জানিবলৈ দিয়ে দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসমে । তেওঁলোকে লগতে এইবুলিও কয় যে যদি ৫ৰ পৰা ১০ শতাংশ ভাড়া বৃদ্ধি হয় তেতিয়া অসম চৰকাৰৰ পৰিবহণ বিভাগে সদৌ অসম মটৰ পৰিবহণ সন্থাক কিছুমান নিয়ম নতুনকৈ সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশনা দিব লাগে বুলিও দাবী জনায় ।

সেই নিয়ম অনুসৰি জ্যেষ্ঠ ব্যক্তি, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ ৰেহাই আঁচনি থাকিব লাগে বাছসমূহত । ইয়াৰ উপৰিও প্ৰতিখন ব্যক্তিগত বাছৰ চালক আৰু পৰিচালকৰ বাবে বিশেষ জীৱন বীমা আঁচনি কৰিব লাগে । কাৰণ নহ'লে তেওঁলোকৰ জীৱনৰ কোনো নিৰাপত্তা নাই । এই সংবাদ মেলতে তেওঁলোকে ইন্ধনৰ মূল্যবৃদ্ধি আৰু ভাৰত-বাংলাদেশ চৰকাৰৰ লগত মৈত্ৰী চুক্তিৰ জৰিয়তে অসমৰ শোধনাগাৰৰ পৰা ১১,০০০ হাজাৰ কোটি টকা লোকচান কৰি যি খাৰুৱা তেল যোগান ধৰিবলৈ লৈছে তাকো তেওঁলোকে সমালোচনা কৰে ।

তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে, নিজৰ লোকচান কৰি কিয় বাংলাদেশক কম মূল্যত খাৰুৱা তেল যোগান ধৰিব লাগে । সংবাদ মেলত লগতে কয় যে পৃথিৱীৰ অন্য ৰাষ্ট্ৰসমূহত খাৰুৱা তেল পোৱা ৰাজ্যসমূহক সদায় আৱকাৰী কৰৰ পৰা সেই ৰাজ্যখনক ৰেহাই দিয়া হয় ৷ অসমতো সেই নিয়ম অতি সোনকালে কাৰ্যকৰী হ'ব লাগে বুলিও দাবী জনায় চৰকাৰৰ ওচৰত । ইয়াৰ উপৰিও চৰকাৰৰ ওচৰত তেওঁলোকৰ প্ৰশ্ন- one nation one Tax  এই নীতি খাৰুৱা তেলত কিয় প্ৰযোজ্য হোৱা নাই ? তেওঁলোকে দাবী জনায় যে খাৰুৱা তেলত অতি সোনকালে জি এছ টি কাৰ্যকৰী হ'ব লাগে ক'ব লাগে ।

Your Comments