আজি গান্ধী মণ্ডপত মুখ্য মন্ত্ৰীয়ে উত্তোলন কৰে দেশৰ তৃতীয় উচ্চতম স্থানৰ জাতীয় পতাকা

sss

গুৱাহাটী মহানগৰীৰ এখন বিশেষ জাতীয় পতাকা । যিখন জাতীয় পতাকাক লৈ সমগ্ৰ মহানগৰবাসীৰ লগতে ৰাজ্যবাসীৰ মাজত আছিল গভীৰ উৎকণ্টা । অৱশেষত সেই উৎকণ্ঠাৰ অৱসান ঘটালে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আজি পুৱা ৯.৩০ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি দেশৰ ভিতৰত তৃতীয় বৃহত্তৰ জাতীয় পতাকা হিচাপে চিহ্নিত হোৱা গুৱাহাটী গান্ধী মণ্ডপৰ জাতীয় পতাকাখন উত্তোলন কৰে ।

ss

স্মাৰ্ট চিটীৰ আধাৰত নিৰ্মাণ কৰা এই জাতীয় পতাকাখন এতিয়া মহানগৰীৰ বিভিন্ন অঞ্চলৰ পৰা দেখিবলৈ পোৱা গৈছে । প্ৰায় ১২০ ফুট দীঘল আৰু ৮০ ফুট বহল পতাকাখন গান্ধী মণ্ডপত উত্তোলন কৰা হয় প্ৰায় ৩০০ ফুট উচ্চতাত । উল্লেখ্য যে যোৱা ১৫ আগষ্টৰ দিনা পতাকাখন উত্তোলন কৰা কথা আছিল যদিও নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে ২ অক্টোবৰৰ দিনা আনুষ্ঠানিকভাৱে উত্তোলন কৰা হ'ব বুলি জানিবলৈ দিছিল মহানগৰ প্ৰশাসনে ।

b

আজি এই শুভ মুহূৰ্তত গান্ধী মণ্ডপত মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, নৱ কুমাৰ দলে, তপন গগৈ, ডিজিপি কুলধৰ শইকীয়া, সাংসদ বিশ্বজিৎ দৈমাৰী আৰু কামাখ্যা প্ৰসাদ তাছা । মুখ্য মন্ত্ৰীয়ে গান্ধীৰ মণ্ডপত জাতিৰ পিতাক শ্ৰদ্ধা জনাই সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু প্ৰতিমূৰ্তিত পুষ্পঞ্জলি তৰ্পণ কৰে ।

Your Comments