চাহ বাগিচা গৰ্ভৱতী মহিলাৰ অভিলাসী আঁচনি শুভ উদ্বোধন মুখ্য মন্ত্ৰীৰ

ss

মজুৰি ক্ষতিপূৰণ নামৰ অভিলাসী আঁচনিখন আজি সোমবাৰে গুৱাহাটীত শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । এই আঁচনিখনৰ জৰিয়তে প্ৰতিগৰাকী চাহ বাগিচা অঞ্চলৰ মহিলাই গৰ্ভৱতী অৱস্থাত জীৱিকাৰ পৰা ৰেহাই পাব লগতে প্ৰতি গৰাকী গৰ্ভৱতী মহিলাক ১২,০০০ টকা কৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । আঁচনিখন শুভ উদ্বোধন কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলা আৰু সন্তানৰ প্ৰয়োজনীয় পৰিপুষ্টি লগতে দুয়োকে সুস্থ সবল কৰি ৰাখিব ।

dd

লগতে তেওঁ এই বুলিও কয় এই আঁচনিয়ে মহিলা আৰু শিশু সবলিকৰণৰ ওপৰত সহায় কৰিব বুলিও উল্লেখ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে আঁচনি শুভাৰম্ভ কৰি হিতাধিকাৰীসকলৰ মাজত প্ৰথম কিস্তি চেক আৰু আশা কর্মীসকলৰ মাজত চিম কাৰ্ড প্ৰদান কৰে । ইফালে এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পল্লবলোচন দাস, মন্ত্ৰী পিয়ুছ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে কেইবাগৰাকী বিধায়ক আৰু বিষয়াসকল উপস্থিত থাকে ।

Your Comments