
দৰঙৰ দুনী ভেৰুৱাৰ যোগ শিবিৰত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ বিৰুদ্ধে কটু মন্তব্য কৰা বাবা ৰামদেৱৰ শিস্য সতীনাথ বাৰালৰ বিৰুদ্ধে গৰজি উঠিছে দৰঙৰ বিভিন্ন সংগঠন ৷ দুনী আঞ্চলিক ছাত্ৰ সন্থাই যোগগুৰু বাবা ৰামদেৱ আৰু তেওঁৰ শিষ্য সতীনাথ বাৰালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি ভেৰুৱাৰ যোগ শিবিৰৰ স্থানতে বাৰালক গ্ৰেপ্তাৰৰ দাবী জনায় ।
এনে সময়তে আজি সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্র পৰিষদৰ দৰং জিলা সমিতিয়ে মঙলদৈ আৰক্ষী থানাত যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ পৰিষদৰ প্রচাৰ সম্পাদক আৰিফ আলীয়ে দাখিল কৰা এজাহাৰখনত মহাপুৰুষজনৰ আদৰ্শৰ এনাজৰীৰে বান্ধখাই থকা বৃহত্তৰ অসমীয়া জাতিটোৰ মাজত ভাঙোন আনিবলৈ চেষ্টা কৰা বাৰালক শীঘ্রে গেপ্তাৰ কৰি কঠোৰ শাস্তি প্রদান কৰিবলৈ দাবী জনায় ৷
ইপিনে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ দৰং জিলা সমিতিয়ে মঙলদৈ চহৰত আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মহাপুৰুষজনাৰ বিৰুদ্ধে কটু মন্তব্য প্রকাশ কৰি অসমীয়া জাতিক উপলুঙা কৰা সতীনাথ বাৰালক গ্রেপ্তাৰৰ দাবী জনায় ৷
পৰিষদৰ জিলা সমিতিৰ সভাপতি দিগন্ত ডেকা, সম্পাদক পংকজ ডেকা, প্রাক্তন সম্পাদক হিমাদ্রী কুমাৰ শৰ্মা আৰু উপদেষ্টা ভবেশ কাকতিৰ নেতৃত্বত প্রতিবাদকাৰীসকলে জিলাখনত পতঞ্জলিৰ সামগ্রী বন্ধ কৰাৰো হুংকাৰ দিয়ে ৷
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা সমিতিৰ সভাপতি বদন চন্দ্ৰ শইকীয়াই বাবা ৰামদেৱ আৰু তেওঁৰ শিষ্য বাৰালক শংকৰ সংঘত যোগদান কৰি জ্ঞান অৰ্জন কৰাৰ পৰাৰ্মশ আগবঢ়াই ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।
- Log in to post comments
- 6 views