টে'ট শিক্ষকৰ প্ৰতিবাদত উত্তাল কাহিলীপাৰা

ss

প্ৰাপ্যৰ পৰা বঞ্চিত টে’ট শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে মহানগৰীৰ কাহিলীপাৰা অঞ্চল ৷ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচী বৰ্তমানো চলি আছে ৷ বৰ্তমান সময়লৈকে কোনো বিভাগীয় বিষয়া তথা মন্ত্ৰী উপস্থিত হোৱা নাই আন্দোলনকাৰীসকলৰ ওচৰত । ফলত আন্দোলনকাৰী টে’ট শিক্ষকসকলে ৰাষ্ট্ৰাতেই বহি পৰা দেখিবলৈ পোৱা গৈছে ।

aa

ফলত কাহিলিপাৰাৰ মূল পথটোত দেখিবলৈ পোৱা গৈছে তীব্ৰ যান জোঁট । আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই প্ৰতিবাদকাৰীসকলক । তেওঁলোকৰ দাবী-বিনা চৰ্তত তেওঁলোকৰ চাকৰিৰ নিয়মীয়াকৰণ কৰিব লগা । সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে । গৰ্ভৱতী মহিলাৰ ছুটী সময় ৬ মাহলৈ বৃদ্ধি কৰিব লাগে ।

dd

লগতে তেওঁলোকৰ প্ৰাপ্য বকেয়া অতি সোনকালে মুকলি কৰি দিব লাগে । উল্লেখযোগ্য যে টে’ট শিক্ষকসকলক বকেয়াৰ পৰা ৫ মাহ বঞ্চিত কৰি ৰখা হৈছে ৷ ৰাজ্যত বৰ্তমান প্ৰায় ৩৫ হাজাৰ টে’ট শিক্ষকৰ চাকৰিৰ নিয়মীয়াকৰণ হোৱা নাই । তেওঁলোকে অসম চৰকাৰ হুচিয়াৰ, শিক্ষা মন্ত্ৰী হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তুলিছে সমগ্ৰ পৰিবেশ । পথ বন্ধ হোৱাৰ বাবে উত্তেজিত ৰাইজ আৰু প্ৰতিবাদ কাৰী সকলৰ মাজত কিছু বাক বিতণ্ডাৰো সূত্ৰপাত হৈছে ৷ 

Your Comments