আজিৰেপৰা ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ 

sxs

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজিৰে পৰা গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাতো  উদযাপন কৰা হৈছে ৬৪সংখ্যক বন্যপ্ৰাণী সপ্তাহ । সপ্তাহ যোৰা এই কাৰ্যসূচী চিৰিয়াখনাত শুভ উদ্বোধন কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । আজি প্ৰথম দিনা হস্তী দিৱস পালন কৰা হৈছে । পুৱা ৮ বজাত বনমন্ত্ৰীগৰাকীয়ে হস্তী পূজা কৰি হস্তী ফেঁট দিয়ে । লগতে মন্ত্ৰী গৰাকীয়ে বনকর্মী সকলকো সম্বৰ্ধনা জনায় এই অনুষ্ঠানতে ।

dd

ইয়াৰ পাছত বন্যপ্ৰাণীক সংৰক্ষণ  নিৰাপত্তা, হস্তী-মানুহৰ সংঘাত নিৰ্মূল কৰা আদি শ্লোগান দি এক শোভাযাত্ৰা উলিওৱা হয় । বিভিন্ন ঠাইৰ পৰা অহা কণ কণ শিশুসকলে বিভিন্ন জীৱ-জন্তুৰ বেশ ধৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।  আজিৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি  অসম চৰকাৰৰ বন মন্ত্ৰী বন মন্ত্ৰী গৰাকীয়ে কয় যে বন্য প্ৰাণী সংৰক্ষণৰ বাবে আমাৰ সকলোৰে কৰণীয় আছে ।

ss

অজান জীৱ-জন্তুবোৰক আমি কোনেও বেয়া ব্যৱহাৰ কৰিব নালাগে । লগতে বনকর্মী সকলকো তেওঁ ৰাজ্যিক চিৰিয়াখনাত থকা প্ৰতিটো প্ৰাণীক সুস্থ সবল কৰি তোলাৰ বাবে কাম কৰি যাবলৈ অনুৰোধ কৰে । লগতে চিৰিয়াখানাৰ উন্নয়নৰ বাবেও অসম চৰকাৰৰ আৰু কৰণীয় বহুত আছে বুলি তেওঁ  উল্লেখ কৰে ।

Your Comments