তামুলপুৰ এবি এমছুৰ বিশাল নাগৰিক সভা 

 তামুলপুৰ এবি এমছুৰ বিশাল নাগৰিক সভা 

১৯৭১ চনৰ ২৫ মাৰ্চৰ আগৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ, ভাষা-ভাষীৰ, ধৰ্মাৱলম্বী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবই লাগিব ৷ বিদেশী সমস্যা সমাধানৰ নামত হিন্দু-মুছলমান, অসমীয়া-বঙালী আদি মনোভাবেৰে একাংশ শাসক গোষ্ঠীয়ে মুনাফা আদায় কৰিব বিচাৰে ৷

কিন্তু এয়া কেতিয়াও সম্ভৱ হ'বলৈ দিয়া নহ'ব ৷ আমি এখন বিদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো কামনা কৰোঁ ৷' এই ভাষ্য বি টি এ ডি নাগৰিক উন্নয়ন মঞ্চৰ সভাপতি জমচেৰ আলীৰ ৷

 তামুলপুৰ এবি এমছুৰ বিশাল নাগৰিক সভা 

তামুলপুৰ জিলা এবি এমছুৰ উদ্যোগত আজি আবেলি শালামাৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এক বিশাল নাগৰিক সভাত তেওঁ এইদৰে মন্তব্য কৰে ৷ তামুলপুৰ জিলা এবি এমছুৰ উপদেষ্টা আফজল আলীৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নাগৰিক সভাখন উদ্বোধন কৰে জিলা এবি এমছুৰ সভাপতি টাইছন হুছেইনে ৷

তেওঁ সভাখন উদ্বোধন কৰি কয় যে অসমৰ ভাষা আন্দোলনকে আদি কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ অৱদান অতুলনীয় ৷ কিন্তু ধৰ্মীয় সংখ্যালঘু মুছলমানসকল ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক সকলো ক্ষেত্ৰতে আজি শোষিত-বঞ্চিত হৈ আছে ৷

সভাত উপস্থিত থাকি সদৌ বি টি এ ডি সংখ্যালঘু ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আবু ছাহেদ আনছাৰীয়ে কয় 'বি টি ডিৰ মুছলমানসকলক বিগত সময়ছোৱাত যি অত্যাচাৰ কৰি আহিছিল সেই আতিশয্য বন্ধ কৰাৰ বাবেই এবি এমছু গঠন কৰা হৈছে ৷

এবি এমছুৱে জাতিটোক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে । এবি এমছুৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল জাতিটোক শিক্ষিত কৰাৰ লক্ষ্যৰে আন্দোলন কৰি যোৱা ৷ বিটিচিত প্ৰতিটো পৰিয়াল শিক্ষিত কৰি  বাল্যবিবাহ বন্ধ কৰা, নাৰী শিক্ষা আদিত গুৰুত্ব দি থকা হৈছে ।

কিন্তু এবি এমছুৱে এই কথা কৈ থাকিলে নহ'ব ৷ আমাৰ সমাজৰ লোকসকলেও কৰিবলগা আছে বহু কাম ৷ আমাৰ লক্ষ্য হ'ল শান্তি আৰু সুখেৰে প্ৰতিটো মুছলমান পৰিয়ালে সমাজত বাস কৰি থাকক, সমাজত দুখীয়াসকল আগবাঢ়ি যাওক ৷ ধনী-দুখীয়াৰ প্ৰভেদ নাইকিয়া কৰা ৷' ল’ৰা-ছোৱালীক বিদ্যালয়মুখী কৰিবলৈও তেওঁ আহ্বান জনায় ৷

প্ৰসংগক্ৰমে তেওঁ লাফিকুল ইছলামৰ হত্যাকাৰীক এই পৰ্যান্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ তেওঁ কয় যে মুছলমানসকলৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহ'ব ৷

আমি হাজাৰ হাজাৰ লাফিকুলৰ জন্ম দিব লাগিব বুলিও তেওঁ ৰাইজলৈ আহ্বান জনায় ৷ লাফিকুল ইছলামৰ আধৰুৱা কামখিনি ৰাইজৰ সহযোগত হাতে হাত মিলাই কৰি যাব বুলিও লগতে উল্লেখ কৰে ৷

এন আৰ চিক লৈ যি ৰাজনীতি চলি আছে তাৰ বিৰোধিতা কৰিবলৈও তেওঁ সকলোকে মুকলি আহ্বান জনায় ৷ সভাত আক্ৰাছুৰ সাঃ সম্পাদক গকুল বৰ্মনে কয় যে সমগ্ৰ বি টি এ ডিত সামাজিক, শৈক্ষিক, সাংস্কৃতিক দিশত এবি এমছুৱে প্ৰতিনিধিত্ব কৰি আহিছে ৷

মিলাপ্ৰীতিৰে অন্যায়-অবিচাৰৰ বিৰুদ্ধে মাত মাতি সামাজিক, শৈক্ষিক উন্নয়নৰ দিশত কাম কৰি যাব বুলিও তেওঁ মন্তব্য কৰে ৷ তেওঁ আৰু কয়, 'ধৰ্মৰ নামত আমি বিভাজন নিবিচাৰো ৷ এইখন দেশত ৰাম থাকিলে ৰহিমো থাকিব লাগিব ৷ শংকৰ থাকিলে আজান ফকিৰো থাকিব লাগিব ৷

কাৰোবাক কোলাত আৰু কৰোবাক বোকাত ল'লে নহ'ব ৷ সবকা সাথ সবকা বিকাশৰ শ্লোগান আওৰাই থাকিলে নহ'ব ৷ প্ৰকৃতাৰ্থত দেশৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমবিকাশ, সমউন্নয়ন হ'ব লাগিব ৷

দেশৰ প্ৰধান মন্ত্ৰীয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে যদি পালন নকৰে তেতিয়াহলে ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈও সাজু হ'ব লাগিব' বুলি ৰাইজক মুকলিভাৱে আহ্বান জনায় ৷

তামুলপুৰ আঞ্চলিক এবি এমছুৰ সাঃ সম্পাদক আব্দুল ৰহমানে আঁতধৰা নাগৰিক সভাত এবি এমছুৰ সাঃ সম্পাদক নজৰুল ইছলাম, সহকাৰী সম্পাদক মাইনুদ্দিন আহমেদ, সদৌ নাথ-যোগী ছাত্ৰ সন্থাৰ সাঃসম্পাদক অৰবিন্দ নাথ, বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বিষয়ববীয়া, তামুলপুৰ জিলা এবি এমছুৰ সাঃ সম্পাদক জেহেৰুল ইছলামসহ নেতা-কৰ্মীসকলৰ উপৰি নাগৰিক সভাত তামুলপুৰ মহকুমাৰ কেইবা শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে ।

Your Comments