নলবাৰী মেডিকেল কলেজৰ নৱ নিযুক্ত অধ‍্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাক সম্বৰ্ধনা

 A

 নিউজ ডেস্ক:
 নলবাৰী মেডিকেল কলেজৰ নতুন অধ‍্যক্ষ হিচাপে শিলচৰ মেডিকেল কলেজৰ অধ‍্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাক অসম চৰকাৰে যোৱা ৯ মে'ত নিয়ুক্তি দিয়ে।সেই মৰ্মে যোৱা পৰহি নৱনিযুক্ত অধ‍্যক্ষ বেজবৰুৱাই উক্ত মেডিকেল কলেজত যোগদান কৰে। পুৰ্বৰ অধ‍্যক্ষ ডাঃ যোগেশ শৰ্মা শাৰীৰিক অসুস্থৰ বাবে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা হেতুকে অসম চৰকাৰে ডাঃ বাবুল কুমাৰ বেজবৰুৱাক  নলবাৰী মেডিকেল কলেজৰ অধ‍্যক্ষ হিচাপে নিযুক্তি দিয়ে। আজি নলবাৰী মেডিকেল কলেজত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰা হয়।মেডিকেল কলেজৰ পৰিয়াল বৰ্গই অধ‍্যক্ষ ডাঃ শৰ্মাক বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নলবাৰী মেডিকেল কলেজৰ নতুন অধ‍্যক্ষ ডাঃ বাবুল বেজবৰুৱাক অভিনন্দন জ্ঞাপন কৰে। ইফালে আজি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ যোগেন্দ্ৰ কলিতা,সমাজকৰ্মী ৰিজু ভট্টকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে দল-সংগঠনে আজি নলবাৰী মেডিকেল কলেজত উপস্থিত হৈ নতুন অধ‍্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ‍্য যে পুৰ্বৰ অধ‍্যক্ষ ডাঃ যোগেশ শৰ্মাই নতুনকৈ নিৰ্মাণ কৰা মেডিকেল কলেজ হস্পিটেল খন সম্পূৰ্ণ কৰিবলৈ অপ্ৰাণ প্ৰচেষ্টা কৰিছিল, যাৰ ফলত নলবাৰী মেডিকেল কলেজখন কিছু পৰিমাণে হলেও ঠন ধৰি উঠিছিল। এতিয়া নৱ-নিযুক্তি অধ‍্যক্ষ ডাঃ বেজবৰুৱাই নলবাৰী মেডিকেল কলেজখনক কি ৰূপ দিয়ে সেয়া লক্ষণীয় হব।ইফালে নলবাৰী কলেজখনৰ নৱনিযুক্তি অধ‍্যক্ষ বেজবৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে নলবাৰী মেডিকেল কলেজখন উন্নয়ন স্বাৰ্থত দেহে কেহে সেৱ আগবঢ়া যাম,যাতে চিকিৎসা মহাবিদ্যালয়খন এখন লেখত লবলগীয়া অনুষ্ঠান হয়।লগতে বেজবৰুৱাই নকৈ আৰম্ভণি হোৱা চিকিৎসা মহাবিদ্যালয়খনৰ অভাৱ-অভিযোগ থকাটো স্বাভাৱিক বুলি উল্লেখ কৰি অহাগত দিনত ব্লাড বেংকৰ সমস্যাবোৰকে অন্যান্য সমস্যা আঁতৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও ৰাইজৰ সহায়-সহাযোগিতা কামনা।নৱনিযুক্তি অধ‍্যক্ষগৰাকীয়ে ইয়াকো কয় যে ৰাইজৰ সহায় অবিহনে ডাক্তৰ-নাৰ্চে চিকিৎসালয় এখন সুন্দৰ কৰি তুলিব নোৱাৰে বুলি সদৰী কৰাৰ উপৰিও দুৰ্নীতি -অনিয়মৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ নকৰে বুলি সদৰী কৰে।

 

Your Comments