বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
এন আৰ চিৰ দাবী আৰু আপত্তি গ্ৰহণ সম্পৰ্কত বৃহস্পতিবাৰে বঙাইগাঁও জিলাত চি আৰ চি আৰ আৰু এল আৰ চি আৰসকলৰ লগত জিলাখনত থকা ডি আৰ চি আৰ তথা জিলা উপায়ুক্তৰ ফালৰ পৰা এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷
চহৰখনৰ শোভা ভৱনত অনুষ্ঠিত কৰ্মশালাখনত জিলা উপায়ুক্ত তথা নাগৰিকপঞ্জীৰ জিলা পঞ্জীয়ক বাবুলাল শৰ্মাই এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিছত যি আঁসোৱাহ থাকি গ'ল সেই সম্পৰ্কত দাখিল কৰিব লগা দাবী-আপত্তি সম্পৰ্কত চি আৰ চি আৰ আৰু এল আৰ চি আৰসকলক বুজাই দিয়ে ৷
তেওঁ জনসাধাৰণে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্যিক কাৰ্যালয়ৰ পৰা ২৫ ছেপ্টেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ মুঠ ৬০ দিন সময় দিয়া হৈছে বুলি জনাইছে ৷ এই সময়সীমাৰ ভিতৰতে জনসাধাৰণে দাবী আৰু আপত্তিৰ আবেদন জনাব লাগিব ৷
তাৰোপৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে বৰ্তমান ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা পৰ্যন্ত চৰকাৰীভাৱে প্ৰদান কৰা মাটিৰ কাগজ, স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ, ভাৰত চৰকাৰে দিয়া পাছপোৰ্ট, এল আই চিৰ পলিচি, যিকোনো অনুজ্ঞা-পত্ৰ ,চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰমাণ-পত্ৰ আৰু কোৰ্টৰ ৰেকৰ্ড আদি ১০বিধ নথিৰ যিকোনো এবিধ বা অধিক নথি দি দাবী-আপত্তিৰ আবেদন জনাব পাৰিব ৷
অৱশ্যে যি নথি পূৰ্বতে এন আৰ চি আবেদনৰ লগত সংলগ্ন কৰি দিয়া হৈছিল সেইবোৰ নথি পুনৰাই দিয়াৰ প্ৰয়োজন নাই ৷ আনহাতে, যিসকল 'ডি' ভোটাৰৰ বিদেশী ন্যায়াধীকৰণৰ অধীনত বিচাৰ প্ৰক্ৰিয়া চলি আছিল আৰু বৰ্তমানে ভাৰতীয় নাগৰিক বুলি স্বীকৃতি পাইছে তেঁওলোকেও দাবী-আপত্তি দাখিল কৰিব পাৰিব ৷
এই ক্ষেত্ৰত জিলা পঞ্জীয়ক শৰ্মাই চি আৰ চি আৰ আৰু এল আৰ চি আৰসকলক গুৰুত্বসহকাৰে কাম কৰিবলৈ আহ্বান জনায় ৷ কৰ্মশালাত এন আৰ চিৰ বঙাইগাঁৱৰ ন'ডেল বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, ডি আৰ পি ৰোহিণী চৌধুৰী আৰু জিলা প্ৰকল্প ছুপাৰভাইজাৰ জিতুমণি ঠাকুৰীয়াও উপস্থিত থাকি চি আৰ চি আৰ আৰু এল আৰ চি আৰসকলক দাবী-আপত্তি গ্ৰহণ সম্পৰ্কত বিভিন্ন কথা বিৱৰি কয় ৷
- Log in to post comments
- 6 views