ৰাজ্যৰ নিবনুৱা সকলক আত্ম সংস্থাপনৰ বাবে দিয়া হ’ব ২ লাখকৈ টকা: মুখ্যমন্ত্ৰী

 A

 

নিউজ ডেস্ক:

ৰাজ্যৰ নিবনুৱা সকলক আত্ম সংস্থাপনৰ বাবে দিয়া হ’ব ২ লাখকৈ টকা ৷তিনিটা কিস্তিত নিবনুৱা যুৱক-যুৱতীক এই ধন প্ৰদান কৰিব চৰকাৰে।ৰঙিয়াত অনুষ্ঠিত ‘বিকাশৰ এদিন’ কাৰ্যসূচীত অংশ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে, বেংকৰ গেৰাণ্টি নোহোৱাকৈ ২ লাখ যুৱক-যুৱতীৰ একাউণ্টত সোমাব ২ লাখকৈ টকা।আবেদনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Your Comments