নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লাটিমাত এটা ভগা কালভাৰ্টৰে বিগত দহ মাহ ধৰি জ্বলাকলা খুৱাৰ হেতুকে আজি ৰাইজে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি লোকনিৰ্মাণ বিভাগ আৰু ঠিকাদাৰক ধিক্কাৰ দিয়ে।
উল্লেখ্য যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বিলপাৰ-নাৰিকুছি চ'কৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লাটিমাৰ পিতৃৰ ঘৰৰ সন্মুখৰে সাংসদ দিলীপ শইকীয়াৰ নিজ গাঁও দেহাকুছিৰ -পুৰ্ণকামদেৱ যোৱা লোক নিৰ্মাণ বিভাগৰ এই পথছোৱাৰ লাটিমাত থকা এই কালভাৰ্টটো দহ মাহে ঠিকাদাৰ হেমাহিত মেৰামতি নোহোৱাত আজি স্থানীয় ৰাইজৰ লগতে পথচাৰীয়ে উক্তস্থান লৈ ওলাই আহি ক্ষোভ উজাৰে।প্ৰতিবাদকাৰীসকলে লোকনিৰ্মাণ বিভাগ হায় হায়,ঠিকাদাৰ কুশল বেজবৰুৱা হায় হায়,দহ মাহ ধৰি এটা কালভাৰ্ট নিৰ্মাণ কৰিব নোৱাৰা লোকনিৰ্মাণ বিভাগ গৈ বে'ক,মন্ত্ৰী-সাংসদে কালভাৰ্ট নিৰ্মাণত চকু দিয়ক আদি ধ্বনিৰে পৰিৱেশ উত্তোল কৰা লগতে কালভাৰ্টটোৰ কাম শীঘ্ৰে কৰিবলৈ চৰকাৰ, স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাইজৰ এই সমস্যাত গুৰুত্ব দিবলৈ আহ্বান জনায়।উল্লেখ্য যে বিগত বৰ্ষৰ জুন মাহ কালভাৰ্টটো বানে উটুৱাই নিয়ে।ফলস্বৰূপে এই পথটোৰে অহা-যোৱা কৰা লোকসকল মহাবিপদত পৰে।উপায়ন্তৰ হৈ স্থানীয় ৰাইজৰ লগতে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, সচেতন যুৱক খনিন্দ্ৰ কুমাৰ দাস,তফিকুদ্দিন আহমেদৰ তৎপৰতাত বাঁহৰে এখন দলং সাজি লৈছোঁ।আৰু লগে লগে লোকনিৰ্মাণ বিভাগৰ লগতে ঠিকাদাৰ কুশৱ বেজবৰুৱা,নলবাৰী বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো বিষয়টো ৰাইজে অৱগত কৰিছিল যদিও আজি পৰ্যন্ত বিষাগোম লোক নিৰ্মাণ বিভাগে মুঠে গুৰুত নিদিলে বুলি অভিযোগ উঠিছে।সম্প্ৰতি বাঁহৰ দলংখন ভাঙি যোৱাত পথচাৰী ৰাইজ,ছাত্র-ছাত্ৰী যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিছে।আনকি অঞ্চলটোৰ ভালেকেইখন গাঁৱৰ ৰোগীয়ে নলবাৰী মেডিকেল কলেজলৈ অহা-যোৱা কৰাটো সমস্যাত পৰিছে।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ পিতৃৰ ঘৰৰ পৰা মাত্ৰ প্ৰায় ১ কিলোমিটাৰ দুৰত থকা কালভাৰ্টটো দহ মাহে মেৰামতি নকৰা বিষয়টো সকলোকে আচৰিত কৰি তুলিছে।
ইফালে পৰিবৰ্তণকামী বিজেপি চৰকাৰৰ উন্নয়নমুলক কামৰ এয়া নেকি নমুনা, দহ মাহে এটা কালভাৰ্ট নিৰ্মাণত ব্যৰ্থ হোৱা বুলি বিভিন্নজনে অভিয়োগ উখাপন কৰিছে।ইপিনে কালভাৰ্টটো শীঘ্ৰে মেৰামতি কৰিবলৈ স্থানীয় দল-সংগঠনকে ধৰি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াক দাবী জনাইছে।
- Log in to post comments
- 5 views