নিউজ ডেস্ক:
আৰক্ষী সঞ্চালকপ্ৰধানৰ সকিয়নীৰ পিছতে লখিমপুৰ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাই ৷উল্লেখ্য যে, লখিমপুৰৰ ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক কুমুদ ৰাজখোৱাৰ
বাসগৃহৰ পৰা চিআইডিয়ে উদ্ধাৰ কৰে জ্বলাই দিয়া প্ৰশ্নকাকতৰ অৱশিষ্ট।আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে প্ৰকাশ কৰা মতে, কুমুদ ৰাজখোৱাৰ বাবেই উজনি অসমত ফাদিল হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত।
- Log in to post comments
- 10 views