১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা

 A

B

নিউজ ডেস্ক:
প্ৰশ্নকাকত ফাদিল হােৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই অহা ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাতৃভাষা বিষয়ৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হ’ল।
ছেবাৰ নতুন নিৰ্দেশনা অনুসৰি অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা। শিক্ষামন্ত্ৰী ডাঃ ৰণােজ পেগুৱে আজি টুইটাৰৰ জৰিয়তে ছেবাৰ নিৰ্দেশনা প্ৰকাশ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে; বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰকাশ কৰে যে প্ৰশ্নকাকত ফাদিল কাণ্ডত গ্ৰেপ্তাৰ হােৱা এগৰাকী শিক্ষকে অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা বুলি তদন্তত স্বীকাৰ কৰে।

Your Comments