নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

 A

নিউজ ডেস্ক:

নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা তথা ইতিমধ্যে অ’পি ডি আৰম্ভ হোৱা নলবাৰী জিলাৰ  ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়িগাঁও( দক্ষিণ গাঁও)ত অৱস্থিত নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ আজি দিনৰ ভাগত নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই  জানিবলৈ দিয়ে যে “ৰাজ্যখনৰ ৰোগী সকলৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চিকিৎসকৰ অভাৱ দেখিবলৈ পোৱা যায় ৷ এই চিকিৎসকৰ অভাৱ দূৰ কৰাৰ লক্ষ্যৰে মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত কৰা হৈছে ৷” কোকৰাঝাৰ, নগাওঁ আৰু নলবাৰীত স্থাপন হোৱা এই তিনিখন মেডিকেল কলেজৰ পৰা  এশ গৰাকীকৈ মুঠ তিনিশ গৰাকী চিকিৎসক ওলাই আহিলে চিকিৎসকৰ কিছু অভাৱ দূৰ হ’ব বুলি সদৰী কৰে। নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় এক্সটেনচন চেন্টাৰ অথবা চিটি চেন্টাৰ কৰাৰ কথা ভবা হৈছে ইতিমধ্যে সেইখন চলি আছে ৷ তদুপৰি  শিলসাঁকো আৰু দীপৰবিলৰ উচ্ছেদ সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই কয় যে গুৱাহাটী মহানগৰীখন বসবাসৰ উপযোগী কৰি ৰাখিবলৈ হলে ইয়াক সংৰক্ষিত কৰি ৰাখিবই লাগিব ৷ যদি কোনোবাই বিশ বা পঞ্চাশ ঘৰ মানুহৰ কথা ভাবি বিশ বা পঞ্চাশ লাখ মানুহৰ ঘৰৰ কথা নাভাবে তেন্তে এইটো কেনেকুৱা কথা ৷ তেন্তে মানৱতা কাক কয় ৷ আনহাতে উচ্ছেদৰ ক্ষেত্ৰত যি বিশ বা পঞ্চাশ ঘৰ মানুহে কষ্ট পাইছে , তেওঁলোকৰ কথাও চৰকাৰে ভাবিছে বুলি সদৰী কৰাৰ উপৰিও চৰকাৰে কোনো বিষয়তে কৃপনালি কৰা নাই বুলি মন্তব্য আগবঢ়ায়৷মন্ত্ৰীগৰাকীৰ আজিৰ এই পৰিদৰ্শন কালত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকন, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ‍্যক্ষ ডাঃ যোগেশ শৰ্মা, অধীক্ষক ডাঃ বন্তি বৰা,নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বিজেপিৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আদিয়ে।

Your Comments