লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ বাবে গুৱাহাটীত চিবিআইৰ দল

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ বাবে গুৱাহাটীত চিবিআইৰ দল

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ বাবে আজি গুৱাহাটীত উপস্থিত হৈছে চিবিআইৰ দল ৷ আজি পুৱাৰ ভাগতে আহি গুৱাহাটীত উপস্থিত হয় তদন্তকাৰী দলটো ৷

আৰ টি আই কর্মী ভবেন সন্দিকৈ গোচৰৰ ভিত্তিত গুৱাহাটীত আহি উপস্থিত হয় চিবিআইৰ দলটো ৷

দলটোক সাক্ষাৎ কৰে গোচৰীয়া তথা আৰ টি আই  কৰ্মী ভবেন সন্দিকৈয়ে ৷

জানিব পৰা মতে, এই কেলেংকাৰী সন্দৰ্ভত বহু উচ্চ প্ৰদস্থ বিষয়াক জেৰা কৰাৰ সম্ভাৱনা আছে চিবিআই দলটোৰ ৷

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত বহুখিনি আগবাঢ়িছে বুলি জনায় চিবিআই দলটোৱে ।

উল্লেখ্য যে অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ নামো সাঙোৰ খাই পৰিছে এই কেলেংকাৰীত ।

তদন্তত যাতে অসুবিধা নহয় তাৰবাবে সংবাদ মাধ্যমৰ আগত বিশেষ মন্তব্য দিয়াৰ পৰা আঁতৰি থাকে দলটো ৷

Your Comments