বৰপেটা ৰোডৰ পৰা ৰণজিৎ তালুকদাৰ
অসম সাহিত্য সভাই অসমৰ খিলঞ্জীয়া ভাষাসমূহৰ চৰ্চা আৰু বিকাশ সুৰক্ষিত কৰাৰ লগতে অসমীয়া ভাষাৰ স্থায়িত্বৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে । কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)ৰ পাঠ্যক্ৰমত অসমৰ শিক্ষানুষ্ঠানত ছাত্র-ছাত্রীক বড়ো, ৰাভা, মিছিং, তিৱা, কাৰ্বি, ডিমাছা আদি বিভিন্ন স্থানীয় ভাষাৰ লগতে অসমীয়া ভাষা শিকোৱাটো বাধ্যতামূলক কৰাত গুৰুত্ব দিছে সভাই ।
অসমত থকা চি বি এছ ইৰ পাঠ্যক্ৰমৰ বিদ্যালয়সমূহত উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী ভাষা অসমীয়া আৰু অঞ্চলভেদে প্রধান স্থানীয় ভাষা পঢ়িব লাগিব আৰু অসমীয়া বা স্থানীয় ভাষাৰ ৫০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব ।
কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ কর্তৃপক্ষক এই দাবী জনাইছে অসম সাহিত্য সভাই । অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত সভাৰ কেন্দ্রীয় কার্যনির্বাহকৰ এটা দলে এই সংক্রান্তত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ উত্তৰ-পূবৰ সঞ্চালক কিশোৰ কুমাৰ চৌধুৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ মহেন্দ্রনাথ বৰা সভাকক্ষত এই বৈঠক অনুষ্ঠিত হয় । ভাষানীতিৰ আধাৰত বিভিন্ন স্থানীয় ভাষা আৰু অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হ'বলৈ অসমত থকা কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত শিক্ষানুষ্ঠানসমূহক এক বিবৃতিযোগে আহ্বান জনাইছে অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাই ।
এই সন্দৰ্ভত কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী প্রকাশ জাভেড়কাৰলৈও পত্ৰ প্রেৰণ কৰিব অসম সাহিত্য সভাই । চি বি এছ ইৰ উত্তৰ-পূবৰ সঞ্চালক কিশোৰ কুমাৰ চৌধুৰীয়ে এই আলোচনাক ইতিবাচক ৰূপত লৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত পালেই স্থানীয় ভাষাৰ হকে অসম সাহিত্য সভাৰ এই আহ্বান কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে ।
অসমত থকা একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে চি বি এছ ইৰ নামত আঁভুৱা-ভাৰি থকাৰ উপৰি একাংশ শিক্ষানুষ্ঠান নীতিবহিৰ্ভূতভাৱে চলি থকা বুলি চি বি এছ ইৰ উত্তৰ-পূবৰ সঞ্চালকগৰাকীয়ে প্ৰসংগক্রমে উল্লেখ কৰে ।
এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ সহযোগিতা কামনা কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ উত্তৰ-পূবৰ সঞ্চালক কিশোৰ কুমাৰ চৌধুৰীয়ে ।
- Log in to post comments
- 66 views