নলবাৰী ঘগ্ৰাপাৰত ৰাইজে গাঁঠিৰ ধন খৰছ কৰি মেৰামতি কৰিলে বিধ্বস্ত পথ

 A

নিউজ ডেস্ক:

 নলবাৰী জিলাৰ ঘগ্ৰাপাৰত মঙ্গলবাৰে ৰাইজে এটি বিধ্বস্ত পথ মেৰামতি কৰে । ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ  নিজখগটা জামে মছজিদ চ'কৰ পৰা বুৰবুৰী নোনা নৈৰ মথাউৰিলৈ সোমাই যোৱা প্ৰায় দুই কিলোমিটাৰ গ্ৰাম্য পথটো দীৰ্ঘ বছৰ ধৰি মেৰামতি নোহোৱাত সম্প্ৰতি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে।নাৰিকুছি-দেহাৰকুছি লোকনিৰ্মাণ পথ সংলগ্ন যিটো পথেৰে ঘগ্ৰাপাৰ হাইস্কুল, বনভাগ কলেজ,চিলিং মধ্য ইংৰাজী বিদ্যালয়,ঘগ্ৰাপাৰ ছোৱালী হাইস্কুল, নিজখগটা প্ৰাথমিক বিদ্যালয় , কঞাজেনী প্ৰাথমিক বিদ্যালয় আৰু কঞাজেনী অংগনবাড়ীকে  ধৰি সাতখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে দৈনিক শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰে ।
বুৰবুৰী উপ স্থাস্থ‍্য কেন্দ্ৰৰ সন্মুখেৰে যোৱা গ্ৰাম্য পথটো বুৰবুৰী জামে মছজিদ সমিতিৰ তত্বাৱধানত প্ৰায় শতাধিক গঞাঁ ৰাইজে ট্ৰেক্টৰ-ঠেলাগাড়ীৰে মাটি আনি বিধ্বস্ত পথছোৱাত শ্ৰমদান কৰি মেৰামতি কৰে।গাঁঠিৰ ধন খৰছ কৰি উক্ত পথছোৱা নিৰ্মাণ কৰিবলগীয়া হোৱাত গঞা ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে।
লগতে আগন্তুক লোক সভা নিৰ্মাণৰ পূৰ্বে বিধ্বস্ত পথটো মেৰামতি তথা পুনৰ নিৰ্মাণ নকৰিলে ভোট বৰ্জন কৰিব বুলিও হুংকাৰ  দিয়ে।
পথ মেৰামতি স্থলীত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ইলিয়াছ আলী উপস্থিত হৈ চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে।

Your Comments