আজি টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফি

 A

 

নিউজ ডেস্ক:
আজি টাই আহোম সকলৰ পবিত্ৰ মে-ডাম-মে-ফি উৎসৱ ৷মে-ডাম-মে-ফি ৰ অৰ্থ হ’ল- মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফি মানে হ’ল মৃতকৰ দেও।টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে।
এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয়।

Your Comments