ঘগ্ৰাপাৰৰ সাগৰকুছিত নৃশংস ঘটনা ;পাষাণ পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰীক

নটৰাজ

নিউজ ডেস্ক:

 নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং সাগৰকুছিত সংঘটিত হৈছে এক নৃশংস ঘটনা । পাষাণ পুত্ৰৰ নৃশংস আক্ৰমণত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃ পূৰ্ণিমা কলিতাৰ । ঘগ্ৰাপাৰৰ ২ নং সাগৰকুছি গাঁৱত কালি নিশা সংঘটিত হয় এই নৃশংস তথা বৰ্বৰ ঘটনাটো।যাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে  বিবাহিত পুত্ৰ প্ৰাঞ্জল কলিতাই(৩২) কালি সন্ধিয়া তেওঁৰ মাতৃগৰাকীৰ সৈতে ধন বিচাৰি কাজিয়াত লিপ্ত হয়।বহু পৰ ধৰি কাজিয়াৰ অন্তত চোকা অস্ত্ৰৰে  প্ৰাঞ্জলে নৃশংসভাৱে  ৫০ উৰ্ধৰ মাতৃ পূৰ্ণিমা কলিতাক হত্যা কৰে বুলি  স্থানীয় ৰাইজে অভিযোগ কৰে। পুত্ৰ প্ৰাঞ্জল কলিতাই দাৰে নৃশংসভাৱে আক্ৰমণ কৰাৰ পৰবৰ্তী সময়ত মাতৃ পূৰ্ণিমা কলিতাক  ১০৮ৰে স্থানীয় সাগৰকুছিৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে। ইফালে পুত্ৰৰ নৃশংস আক্ৰমণত মাতৃৰ মৃত্যু হোৱাৰ কথা আজি পুৱাৰ ভাগত ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে গাওঁখনিত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় ৰাইজে অভিযুক্ত পুত্ৰ প্ৰাঞ্জল কলিতাক আৱদ্ধ কৰি  ৰাখি আৰক্ষীক  খবৰ দিয়ে  । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘগ্ৰাপাৰ আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকাই ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত পুত্ৰ প্ৰাঞ্জল কলিতাক আটক কৰি  জেল হাজোতলৈ প্ৰেৰণ কৰিছে। স্থানীয় লোকসকলে অভিযুক্ত পুত্ৰ প্ৰাঞ্জল কলিতাৰ ফাঁচিৰ দাবী জনাইছে।ইফালে মাতৃ হত্যাকাৰী প্ৰাঞ্জলে নিতৌ মাতৃক এনেদৰে মানসিক অত‍্যাচাৰ কৰি অহাৰ উপৰিও কিছু বছৰ পুৰ্বে পত্নীকো একে নিৰ্যাতন চলাই পিতৃ গৃহলৈ খেদি পঠাইছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

Your Comments