মেডিকেল, ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষা

iit

২০১৯ৰ পৰা বছৰত দুবাৰকৈ মেডিকেল-ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব৷ জানুৱাৰী আৰু এপ্ৰিলত জে ই ই (মেইন), ফেব্ৰুৱাৰী আৰু মে’ মাহত নীট অনুষ্ঠীত হ’ব৷ পৰীক্ষা হ’ব অনলাইনত৷ জে ই ইৰ প্ৰ-পত্ৰ পূৰণৰ (অনলাইনত) সময় হৈছে ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টম্বৰ, পৰীক্ষা অনুষ্ঠিত হ’ব ৬ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত৷ ফলাফল ঘোষণা হ’ব ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত৷ এপ্ৰিলত জে ই ইৰ দ্বিতীয়টো পৰীক্ষা হ’ব৷ প্ৰ-পত্ৰ পূৰণ ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত৷ পৰীক্ষা হ’ব এপ্ৰিলৰ ৭ তাৰিখৰ পৰা ২১ তাৰিখৰ ভিতৰত৷ ফলাফল ঘোষণা হ’ব মে’ৰ প্ৰথম সপ্তাহত৷ মেডিকেল প্ৰৱেশ পৰীক্ষা (NEET)  প্ৰথমটোৰ প্ৰ-পত্ৰ পূৰণ অহা ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত৷ পৰীক্ষা ৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ ভিতৰত আৰু ফলাফল ঘোষণা হ’ব মাৰ্চৰ প্ৰথম সপ্তাহত৷ দ্বিতীয়টো পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ মাৰ্চৰ দ্বিতীয় সপ্তাহত৷ পৰীক্ষা হ’ব ১২ মে’ৰ পৰা ২৬ মে’ৰ ভিতৰত৷ ফলাফল ঘোষণা হ’ব জুনৰ প্ৰথম সপ্তাহত৷ CMAT আৰু GPATৰ জানুৱাৰী, ২০১৯ৰ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ ২২ অক্টোবৰৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত হ’ব৷ পৰীক্ষা জানুৱাৰীৰ ২৭ তাৰিখ আৰু ফলাফল ঘোষণা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত৷ বছৰত দুবাৰ পৰীক্ষাত বহাৰ অন্তত যিটো পৰীক্ষাত অধিক নম্বৰ পাব, সেই নম্বৰকে কাউন্সেলিঙত প্ৰদর্শনৰ সুবিধা পাব৷

Your Comments