ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত গুণগত শিক্ষা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যখনৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বছৰ বছৰ ধৰি বহু শিক্ষক-কৰ্মচাৰীৰ পদ খালি থকাৰ তথ্য পোহৰলৈ অহাত চৰকাৰৰ সদিচ্ছাৰ প্ৰতি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে ।
ৰাজ্যখনৰ আন আন ঠাইৰ লগতে নগাঁও জিলাৰ অধিকাংশ উচ্চ শিক্ষানুষ্ঠানত শিক্ষক-কৰ্মচাৰীৰ পদ দীৰ্ঘদিন ধৰি খালি হৈ আছে । প্ৰাপ্ত তথ্য মতে, মধ্য অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান, ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত ১৪টাকৈ শিক্ষকৰ পদ খালি হৈ আছে ।
নগাঁও চহৰস্থিত এইখন মহাবিদ্যালয়ে চলিত বৰ্ষত মহাৰজত জয়ন্তী উৎসৱ উলহ-মালহেৰে উদ্যাপন কৰাৰ লগতে "নাক"ৰ পৰা পৰামৰ্শদাতা শিক্ষানুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰা অসমৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ।
নগাঁও জিলাৰ লগতে কাৰ্বি আংলং, ডিমা হাচাও, মৰিগাঁৱৰ উপৰি অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা এইখন মহাবিদ্যালয়ত দীৰ্ঘদিন ধৰি ১৪টা শিক্ষকৰ পদ খালি হৈ থকাত শিক্ষাৰ্থীসকল শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ।
নগাঁও চহৰৰে আন এখন অগ্ৰণী শিক্ষানুষ্ঠান, ৬০ বছৰ গৰকা আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়তো ১৫টাকৈ শিক্ষক পদৰ লগতে ৫টাকৈ কৰ্মচাৰীৰ পদ খালি আছে ।
এইখন শিক্ষানুষ্ঠানতো হীৰক জয়ন্তী উৎসৱ উদ্যাপন কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান ইতিমধ্যে সামৰণি পৰিছে । এনে এখন ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠানত ইমানসংখ্যক শিক্ষক-কৰ্মচাৰীৰ পদ খালি থকা কাৰ্যই নগাঁৱৰ বৌদ্ধিক মহলক চিন্তিত কৰি তুলিছে ।
একেদৰে মধ্য অসমৰ নাৰী শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়তো ১৪টাকৈ শিক্ষকৰ পদৰ লগতে ৬টাকৈ কৰ্মচাৰীৰ পদ খালি হৈ আছে । সততে মহিলা সবলীকৰণৰ কথা কোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতো দীৰ্ঘদিন ধৰি এই পদসমূহ খালি হৈ থকা কাৰ্যই চৰকাৰখন নাৰী শিক্ষাৰ প্ৰতি প্ৰকৃততে কিমান আগ্ৰহী সেয়া স্পষ্ট হৈ পৰিছে ।
ইপিনে, নগাঁও চহৰৰ আন এখন উচ্চ শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়তো ৩টাকৈ শিক্ষকৰ পদ খালি হৈ আছে । এইদৰে নগাঁও চহৰৰ এই চাৰিখন উচ্চ শিক্ষানুষ্ঠানত মুঠ ৫৭টাকৈ শিক্ষক-কৰ্মচাৰী পদ খালি হৈ আছে ।
ইয়াৰে অকল শিক্ষকৰ ৪৬টাকৈ পদ খালি আছে । শিক্ষানুষ্ঠানসমূহৰ এক সূত্ৰে জনা মতে, খালি পদ পূৰণ কৰাৰ বাবে চৰকাৰৰ পৰা যাৱতীয় অনুমতিৰ প্ৰয়োজন যদিও দীৰ্ঘদিন এই অনুমতি ৰাজ্যখনৰ শিক্ষা বিভাগে প্ৰদান নকৰাৰ বাবেই বছৰ বছৰ ধৰি খালি হৈ থকা পদসমূহ পূৰণ কৰিবলৈ সক্ষম হোৱা নাই ।
আনকি, শিক্ষানুষ্ঠানসমূহে পদ খালি হোৱা মাত্ৰেই বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱাৰ পিছতো তেওঁলোকে বিজ্ঞাপ দিয়াৰো অনুমতি দিবলৈ প্ৰস্তুত নহয় । মন কৰিবলগীয়া যে অলপতে নগাঁৱৰ এক চৰকাৰী অনুষ্ঠানত অংশ লৈ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কৈছিল যে ৰাজ্যৰ মহাবিদ্যালয়সমূহত অতি কম দিনৰ ভিতৰত সংস্কাৰৰ বাৰ্তা ৰাজ্যবাসীয়ে লাভ কৰিবলৈ সক্ষম হ' ব ।
নিজকে এগৰাকী শিক্ষাবিদ বুলি অভিহিত কৰি তেওঁ অসমৰ বিশ্ববিদ্যালয়কে ধৰি মহাবিদ্যালয়সমূহত বহু শিক্ষকৰ পদ খালি হৈ থকাত আক্ষেপো প্ৰকাশ কৰিছিল । আনকি তেওঁ নিজ পদসমূহ পূৰণৰ ব্যৱস্থা হাতত ল'ব বুলি ঘোষণা কৰিছিল ।
তেনে এক সময়ত ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বছৰ বছৰ ধৰি খালি খালি হৈ থকা শিক্ষক-কৰ্মচাৰীৰ পদসমূহ পূৰণৰ ক্ষেত্ৰত কিমান দিনৰ ভিতৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
- Log in to post comments
- 10 views