গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আছুৰ জয়যাত্ৰা অব্যাহত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত আছুৰ জয়যাত্ৰা অব্যাহত

কৃষ্ণচূড়াৰ দেশত আছুৰ বৃহৎ সফলতা । সোমবাৰে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা । এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ২৯গৰাকী প্ৰাৰ্থী ।

মুঠ ১৫টা বিভাগৰ বাবে অনুষ্ঠিত এইবাৰৰ নিৰ্বাচনৰ প্ৰায়কেইটা গুৰুত্বপূৰ্ণ  বিভাগতে আছুৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হয় । সভাপতি পদত জয়ী হয় লাকীমণি বৰুৱা । তেওঁ লাভ কৰা ১,৫০৫টা ভোটৰ বিপৰীতে প্ৰতিদ্বন্দ্বী দীপক দেউৰী ৫১৩টা ভোটত পৰাস্ত হয় ।

উপ-সভাপতি পদত জয়ী হয় জিটুমণি কলিতা । তেওঁ লাভ কৰে ১,৪৬৩টা ভোট । জিতুমণিৰ প্ৰতিদ্বন্দ্বী ৰূপক দাস পৰাজিত হয় ৪৮৫টা ভোটত । সম্পাদকৰ পদত জয়ী হয় নয়নজ্যোতি গগৈ ৷

তেওঁ ১,১৩৫টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী সুব্ৰত দত্তই লাভ কৰে ১৬৪টা ভোট । সহকাৰী সম্পাদকৰ পদত জয়ী হয় এলিনা স্বৰ্গীয়াৰী ৷ তেওঁ লাভ কৰে ১,৩৬০টা ভোট ৷

আনহাতে, প্ৰতিদ্বন্দ্বী জুৰি দেৱীয়ে লাভ কৰে ২৬৭টা ভোট । ইফালে আলোচনী বিভাগত এইবাৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিদ্যুৎ বিকাশ বৰুৱা জয়ী হয় । তেওঁ লাভ কৰে ৯৭৭টা ভোট ।

বৰ্তমানো চলি আছে ভোট গণনা । উল্লেখ্য যে এইবাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সহকাৰী সম্পাদকৰ পদত বেলট যুদ্ধত অৱতীৰ্ণ হৈছিল দুগৰাকী প্ৰাৰ্থী ।

একেদৰে সভাপতি আৰু উপ-সভাপতি পদত অৱতীৰ্ণ হৈছিল দুগৰাকীকৈ প্ৰাৰ্থী ।

Your Comments