২ অক্টোবৰত দেশৰ তৃতীয় উচ্চতম স্থান গান্ধী মণ্ডপত উৰিব জাতীয় পতাকা

২ অক্টোবৰত দেশৰ তৃতীয় উচ্চতম স্থান গান্ধী মণ্ডপত উৰিব জাতীয় পতাকা

মহানগৰীৰ আকাশত প্ৰায় ৩০০ ফুট উচ্চতাত সোমবাৰৰ পৰা দেখিবলৈ পোৱা গৈছে এখন জাতীয় পতাকা ।

গুৱাহাটী মহানগৰীৰ গান্ধী মণ্ডপত ৫০ ফুট বহল আৰু ৮০ ফুট দীঘল এই পতাকাখন যোৱা ১৫ আগষ্টত উত্তোলন কৰাৰ কথা আছিল যদিও পতাকাৰ বেদী আৰু মণ্ডপ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে সেই দিনটোত উৰাব পৰা নগ'ল ।

২ অক্টোবৰত দেশৰ তৃতীয় উচ্চতম স্থান গান্ধী মণ্ডপত উৰিব জাতীয় পতাকা

পৰৱৰ্তী সময়ত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তোলা হয় ৷ উল্লেখ্য যে ভাৰতৰ তৃতীয় উচ্চ স্থান গান্ধী মণ্ডপত এই পতাকাখন এতিয়া ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনাখন আনুষ্ঠানিকভাৱে উত্তোলনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

২ অক্টোবৰত দেশৰ তৃতীয় উচ্চতম স্থান গান্ধী মণ্ডপত উৰিব জাতীয় পতাকা

তাৰেই অংশ হিচাপে পতাকাখন সোমবাৰে দিনৰ ভাগত গুৱাহাটী (ম) উপায়ুক্তৰ উপস্থিতিত পৰীক্ষামূলকভাৱে উত্তোলন কৰা হয় ।

মহানগৰীৰ সুউচ্চ গান্ধী মণ্ডপৰ নীল আকাশত এতিয়া উৰি আছে পতাকাখন । বৰ্তমান মহানগৰী বিভিন্ন স্থানৰ পৰা প্ৰত্যক্ষ হৈছে এই পতাকা খন ।

Your Comments