লোকসভাত আমি ৪খন আসন বিচাৰিম- ৰমেন্দ্র নাৰায়ণ কলিতা

A

নিউজ ডেস্ক:

আৱাহন থিয়েটাৰে নাটক বিকৃত কৰাটো দুৰ্ভাগ্যজনক।অতি সোনকালে নাট্যগোষ্ঠীটোৱে ব্যৱস্থা লওক লভিতা নাটকখন আঁতৰোৱাৰ বাবে।অন্যথা ৰাজ্য চৰকাৰে এই হস্তক্ষেপ কৰক বিষয়টোত"-এই মন্তব্য বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ।জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ  লভিতা নাটক বিকৃত ৰূপত উপস্থাপন কৰিব কেতিয়াও নোৱাৰে।দুদিন অপেক্ষা কৰিম অন্যথা মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিম- কলিতাই কয়।

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত ১৪খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিব লাগে।১৪টা সমষ্টিতেই অগপ আৰু বিজেপিয়ে সমানেই লাগিব।অগপই এতিয়া চাৰ্ভে চলাই আছে কোন কেইটা সমষ্টি দল বাবে সুবিধা হ'ব।কলিয়াবৰত বিজেপিয়ে প্ৰাৰ্থী দিব বুলি সৰ্বানন্দ সোণোৱালে ক'ব পাৰে কিন্তু ৪টা সমষ্টিত অগপই প্ৰাৰ্থী দিব- কলিতাই কয়।
আনহাতে কলিয়াবৰত AIUDFৰ লগত আমি বুজাবুজি কৰিম নে নকৰিম সেয়া ৰণকৌশলৰ বিষয়।ৰণকৌশল আগতে ৰাজহুৱা কৰিলে যুদ্ধ কেনেকৈ জিকিম?যুদ্ধত জিকিবলৈ গোপন ৰণকৌশল লাগিবই-পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক গৰাকীয়ে কয়।

Your Comments